ETV Bharat / state

অবৈধ চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

author img

By

Published : Jul 11, 2021, 4:18 PM IST

Updated : Jul 11, 2021, 7:09 PM IST

বৰপথাৰত অবৈধ চুলাই মদৰ (Illegal liqueur) বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷ কেইবাটাও বৃহৎ বৃহৎ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে আৰক্ষীয়ে ।

Illegal liqueur damaged by Police at  Barpathar, golaghat District
অবৈধ চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

সৰুপথাৰ, 11 জুলাই : বিভিন্ন জিলাৰ সমান্তৰালকৈ গোলাঘাট জিলাতো ড্ৰাগছ (Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে (Golaghat Police) ৷ এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে এটা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত বৰপথাৰৰ সৰুপাভজান মিচিং গাঁৱত তিনিটাকৈ বৃহৎ বৃহৎ অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷

ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত তিনিটা অবৈধ চুলাই (Illegal liqueur) মদৰ ঘাটি উচ্চেদ কৰাৰ লগতে প্ৰায় ১৭০০০ লিটাৰ চুলাই বনোৱা কেঁচা সামগ্ৰী নষ্ট কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ।আৰক্ষীৰ এই অভিযানত কেইবা হাজাৰৰো অধিক অবৈধ চুলাই মদ জব্দ কৰে যদিও কোনো এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত সদৰি কৰে ৷

এই অবৈধ চুলাই তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অঞ্চলটোত তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষীয়ে মন্তব্য কৰে ৷

ইয়াৰ সমান্তৰালকৈ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰা বজাৰত দেওবাৰে বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰে । কুকুৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বলেন কলিতাৰ নেতৃত্বত এটি আৰক্ষী দলে অভিযান চলাই কুকুৰমাৰা নদীৰ পাৰৰ পৰা প্ৰায় ২০০ লিটাৰ চুলাই জব্দ কৰে । জব্দকৃত চুলাই খিনি পিচত আৰক্ষীয়ে নষ্ট কৰি পেলাই দিয়ে ।

ইতিমধ্যে ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী (Assam Police)য়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে দৈনিক অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ মাজতে অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন-ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ লকডাউনৰ মাজতে এনেদৰে অবৈধ নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন জনতাক ৷

লগতে পঢ়ক-হোজাইত 300 নিচাজাতীয় কফ চিৰাপ জব্দ

Last Updated : Jul 11, 2021, 7:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.