ETV Bharat / state

গোলাঘাট কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

author img

By

Published : Aug 26, 2019, 12:31 PM IST

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চলালে এই অভিযান ৷ অভিযানত আৰক্ষীয়ে প্ৰায় 15 শ লিটাৰ অবৈধ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ লালি গুৰ নষ্ট কৰে ।

কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

গোলাঘাট, 26 আগষ্টঃ গোলাঘাট জিলাৰ চুলাই ট্ৰেজেদিৰ পিচতো এতিয়াও একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বিষাক্ত চুলাইৰ ৰমৰমীয়া বেহা৷ তেনে সময়তে দেওবাৰে নিশা গোলাঘাট কমাৰগাঁও আৰক্ষী থানাৰ অধীনৰ তৰুন নগৰত কমাৰগাঁও আৰক্ষীয়ে এটা বৃহৎ চুলাই ভাটি উচ্ছেদ কৰে । কমাৰগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি নিশা অভিযান চলাই এই চুলাই ভাটিটো নিঃশেষ কৰে।

কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এই অভিযান চলাই৷ অভিযানত আৰক্ষীয়ে প্ৰায় 15 শ লিটাৰ অবৈধ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ লালি গুৰ নষ্ট কৰে ।এই বৃহৎ চুলাই ভাটিটো বুবুটি কৰ্মকাৰ নামৰ এজন লোকে স্থাপন কৰি ৰমৰমীয়া বেহা চলাই আছিল বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই অবৈধ চুলাই ব্যবসায়ীজন পলাই সাৰিবলৈ সক্ষম হয়৷

Intro:গোলাঘাট কমাৰগাঁৱত অবৈধ বৃহৎ চুলাই ভাটি উৎচ্ছেদ: ১৫ শ লিটাৰৰু অধিক চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে।

Body:গোলাঘাট জিলাৰ চুলাই ট্ৰেজেদি পিছতো এতিয়াও একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বিষাক্ত চুলাইৰ ৰমৰমীয়া ব্যৱসায়। গোলাঘাট কমাৰগাঁও আৰক্ষী থানাৰ অধীনৰ তৰুন নগৰত অবৈধ এটা বৃহৎ চুলাই ভাটি উৎচ্ছেদ কৰে নিশা কমাৰগাঁও আৰক্ষীয়ে। এই বৃহৎ চুলাই ভাটিটো বুবুটি কৰ্মকাৰ নামৰ লোক জনে স্থাপন কৰি চলাই আছিল ৰমৰমীয়া বেহা। কমাৰগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ নেতৃত্বত যোৱা আৰক্ষী দলে নিশা অভিযান চলাই চুলাই ভাটিটো নি:শেষ কৰে। প্ৰায় ১৫ শ লিটাৰ অবৈধ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ লালি গুৰ নষ্ট কৰে আৰক্ষী দলে। অবশ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই অবৈধ চুলাই ব্যবসায়ীজন পলাই সাৰিবলৈ সক্ষম হয়।Conclusion:Byte 1 : আৰক্ষী বিষয়া
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.