সৰুপথাৰ, 11 জুন : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ মাজেৰে বহি:ৰাজ্যলৈ দৈনিক অবৈধ ভাৱে চলি আছে গৰুৰ চোৰাং সৰবৰাহ । গৰুৰ ছিণ্ডিকেট চক্ৰটোৱে বিভিন্ন পক্ষক মেনেজ কৰি মহকুমাটোৰ মাজেৰে চুঙাজান হৈ অবৈধ ভাৱে বহি: ৰাজ্যলৈ পশুধনৰ সৰবৰাহ কৰি আছে।শেহতীয়াকৈ বুধবাৰে পশুধন ভৰ্তি দুখনকৈ গাড়ী নাওজানত জব্দ হোৱাত পোহৰলৈ আহিছে চোৰাং গৰু সৰবৰাহকাৰীৰ বহু বিস্ফোৰক তথ্য । ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমন ৰোধ কৰাৰৰ স্বাৰ্থত আংশিক লকডাউন, আন্ত:জিলা যাতায়ত বন্ধ আদি চলি থকাৰ মাজতো কেনেকৈ গৰু ম'হ বহি:ৰাজ্যলৈ সৰবৰাহ হৈছে তাকলৈ এতিয়া প্ৰশ্ন উঠিছে ।
উল্লেখ্য যে, বুধবাৰে নাওজানৰ একাংশ যুৱকে ১১ জনী মাইকী ম'হ আৰু ১১টা গৰু সহ এখন ট্ৰাক আৰু এখন ডিআই গাড়ী জব্দ কৰে । ম'হ কেইজনী ট্ৰাক খনত অনাৰ বিপৰীতে গৰু কেইটা অনা হৈছিল ডিআই বাহন খনত । এনেদৰে অবৈধ ভাৱে পশুধন কঢ়িওৱাই অনা গাড়ী দুখন সম্পৰ্কত যুৱক কেইজনে নাওজান আৰক্ষী চকীত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ, পশুধনসহ গাড়ীদুখন আৰক্ষীয়ে চমজি লয় লগতে ট্ৰাকখনৰ চালক দেৰগাঁও দীঘলচাপৰিৰ আৰ্জু খান (৪৭) আৰু নাওজান কৈৰিগাওঁৰ মুস্তাফা আলি (১৯)ক আটক কৰে।
আৰক্ষীৰ ওচৰত ধৃত চালক দুজনে ট্ৰাকখনত থকা ম'হ ১১ টাৰ চালান দেৰগাওঁ নগৰ গৰু ম'হৰ বজাৰৰ আৰু গৰু কেইটাৰ বিপৰীতে নাওজান সপ্তাহিক বজাৰৰ গৰু ম'হৰ পঞ্জীয়ন ৰচিদ উদ্ধাৰ কৰা হয়।কিন্তু লক্ষনীয় কথাটো হ'ল যে কভিড ১৯ৰ পৰিপ্ৰেক্ষিতত কেইবা সপ্তাহ ধৰি প্ৰশাসনে সপ্তাহীক বজাৰ সমূহ বন্ধ কৰি ৰাখিছে। এনে ক্ষেত্ৰত গো ব্যৱসায়ী সকলক সপ্তাহীক বজাৰৰ ৰচিদ কোনে ক'ত কেনেকৈ প্ৰদান কৰিলে সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।
অন্যহাতে নথি পত্ৰ বিহিন আৰু অবৈধ ভাৱে কিদৰে কেইবাখনো আৰক্ষী থানা তথা তহলদাৰী আৰক্ষীৰ চকুত ধূলি দি নগালেণ্ডলৈ গৰু ম'হ সৰবৰাহ কৰা হৈছে সেয়া এক গভীৰ ৰহস্যৰ ভিতৰত সোমাই পৰিছে।অন্যহাতে পশুধন সহ গাড়ী দুখন জব্দ কৰা যুৱক প্ৰাক্তন আছু কৰ্মী তথা বৰ্তমানৰ যুৱ বিজেপি কৰ্মী ৰিন্টু ডেকাই সংবাদমাধ্যমক জনোৱা মতে , দীৰ্ঘ দিন ধৰি নাওজান, চুঙাজানহৈ নাগালেণ্ডৰ ডিমাপুৰলৈ অবৈধ ভাৱে গাড়ীয়ে গাড়ীয়ে পশুধন সৰবৰাহ হৈ থকা তেওঁলোকে প্ৰত্যক্ষ কৰি আহিছে ।
কিন্তু ,বজাৰ সমূহ বন্ধ থকাৰ সময়তো বুধবাৰে কেইবাখনো গাড়ীত এইদৰে একেলগে পশুধন কঢ়িয়াই নিয়াত সন্দেহ বশত: দুখন গাড়ী ৰখাই সোধা পোছা কৰাত গৰু আৰু মহ'কেইটা নাগালেণ্ডৰ ডিমাপুৰলৈ নিয়া বুলি জানিবলৈ দিয়া চালক দুজনে ।
ইয়াৰ লগতে, জন্তু কঢ়িওৱা আন কোনো নথি পত্ৰ নথকা গাড়ী চালক দুজনে দেৰগাঁও আৰু নাওজান সপ্তাহিক বজাৰৰ চালান দেখুওৱাত চোৰাং গৰু সৰবৰাহৰ তথ্য প্ৰমাণসহ ওলাই পৰে । অন্যহাতে নাওজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনে জানিবলৈ দিয়া মতে সৰুপথাৰ নগৰৰ নিবাসী চফিউল আহমেদ নামৰ এজন ব্যক্তিৰ নেতৃত্বতে নাওজান বজাৰৰ চলি আছে আৰু বজাৰ বন্ধ ৰখাৰ সময়ত গৰু-মহৰ পঞ্জীয়ন ৰচিদ প্ৰদান কৰিব নোৱাৰে।
গতিকে সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্ব সহকাৰে তদন্ত কৰি আছে। উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে চুঙাজানত এখন গৰু ভৰ্তি গাড়ী নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ পথত স্থানীয় এজন বিতৰ্কিত ব্যক্তিয়ে জব্দ কৰি ৰাখিছিল যদিও ৰহস্য জনক ভাৱে গাড়ীখন এৰি দিছিল। পুনৰ যাতে তেনে দালালৰ কবলত পৰি জব্দ হোৱা গাড়ী দুখনৰ লগতে চোৰাং পশুধন কেইটা গৰু ছিণ্ডিকেট চক্ৰক এৰিদিয়া নহয় তাৰ প্ৰতি চোকা দৃষ্টি দিবলৈ স্থানীয় বিজেপি বিধায়ক বিশ্বজিৎ ফুকনলৈ আহ্বান জনাইছে দলীয় কৰ্মী কেইজনে।
লগতে পঢ়ক : লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান