ETV Bharat / state

বিহুনামক বিকৃত কৰাৰ অভিযোগত ইছমাইল হোছেইনৰ বিৰুদ্ধে থানাত গোচৰ

author img

By

Published : Apr 7, 2022, 1:40 PM IST

বিতৰ্কৰ আৱৰ্তত গৱেষক ইছমাইল হোছেইনৰ শেহতীয়া গ্ৰন্থ ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ ৷ গ্ৰন্থখনত সন্নিৱিষ্ট বিহুনাম(Bihunam Controversy in Assam) ত ৰাম নামৰ শব্দটোৰ ঠাইত আল্লা শব্দটো সংযোজন কৰিবলৈ হোছেইনে উল্লেখ কৰিছিল ৷ ইয়াকে লৈ ক্ষোভত ফাটি পৰিছে বিভিন্ন দল-সংগঠন ৷ হিন্দু জাগৰণ মঞ্চই গোলাঘাট থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ(Hindu Jagran Mancha filed a case against Ismail Hussain) ৷

hindu-jagran-mancha-filed-a-case-against-ismail-hussain-in-golaghat
বিহুনামক বিকৃত কৰাৰ অভিযোগ

গোলাঘাট, 7 এপ্ৰিল: বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কবি, সমালোচক আৰু গৱেষক ইছমাইল হোছেইন ৷ গৱেষক গৰাকীৰ শেহতীয়াকৈ প্ৰকাশিত "ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ" শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰন্থখনত সন্নিৱিষ্ট বিহুনামত(Bihunam Controversy in Assam) ৰাম নামৰ শব্দটোৰ ঠাইত আল্লা শব্দটো সংযোজন কৰিবলৈ হোছেইনে উল্লেখ কৰিছিল ৷ ইয়াকে লৈ ক্ষোভত ফাটি পৰিছে বিভিন্ন দল-সংগঠন ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দু জাগৰণ মঞ্চই (Reaction of Hindu Jagran Mancha against Bihunam Controversy) ৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বিহুনামক বিকৃত ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি হোছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোলাঘাট থানাত গোচৰ ৰুজু(Hindu Jagran Mancha filed a case against Ismail Hussain) কৰিছে কৰিছে সংগঠনটোৱে ৷ "জয় হৰি বোলা, জয় ৰাম বোলা" ৰ সলনি "জয় হৰি বোলা, জয় আল্লা বোলা" সংযোজিত কৰি গাবলৈ গ্ৰন্থখনত উল্লেখ কৰা হৈছিল ৷

ইছমাইল হোছেইনৰ বিৰুদ্ধে বিহুনামক বিকৃত কৰাৰ অভিযোগ

ইয়াৰ লগতে, অসমীয়াৰ সংস্কৃতিত আঘাত হানিব বিচৰাটো অতি দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে ৷ হিন্দু জাগৰণ মঞ্চৰ উপ সভাপতি অমল চন্দ্ৰ কোঁৱৰে বিহুনামত প্ৰকৃততে কি উচ্চাৰণ কৰিব লাগিব, তাক ইছমাইল হোছেইনে নিৰ্ধাৰিত কৰাটো অতি দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰি হুছেইনক ৰাজহুৱাভাৱে কাণত ধৰি ক্ষমা বিচাৰিবলৈ দাবী জনায় ৷ তদুপৰি ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ শীৰ্ষক গ্ৰন্থখন ৰাজহুৱাভাৱে দাহ কৰিবলৈও দাবী উত্থাপন কৰে ৷

উল্লেখযোগ্য যে, ইছমাইল হোছেইন যোৰহাট প্ৰিণ্ট অৱ ওৱেলচৰ এগৰাকী প্ৰৱক্তা ৷ পূৰ্বতেও ঢোলত গাভৰু নাচনী বহুৱাই ইছমাইল হোছেইনে অসমীয়াৰ পবিত্ৰ বাদ্যত আঘাত হানিছে ৷ সেয়ে ব্যক্তিগৰাকীক উচিত শাস্তি বিহাৰ দাবী জনাইছে সংগঠনটোৱে ৷

লগতে চাওক: Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.