গোলাঘাট,24 মাৰ্চ: গোলাঘাটত বুধবাৰে ন-বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী হিমন্তই ৷
ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘কংগ্ৰেছ হ’ল পুৰণি 500 টকীয়া নোট । গেলামাল দোকানীয়েও বাকী নিদিয়ে । কংগ্ৰেছৰ দৰে বিজেপিয়ে গেৰাণ্টি নিদিয়ে । গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰতিটো মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰা হ’ব’’ ।
আনহাতে, বিজেপিৰ টিকট লাভৰ পৰা বঞ্চিত হৈ কংগ্ৰেছত যোগদান কৰা বিতোপন শইকীয়াৰ মূৰত একো নাই বুলি তেওঁক কঠোৰ সমালোচনা কৰে মন্ত্ৰী হিমন্তই । তেওঁ কয় যে, ‘‘বিতোপনে আকৌ বিজেপিৰ পৰা কংগ্ৰেছ লৈ গমন কৰিছে । বিতোপন শইকীয়াৰ পিছফালে আজমল আৰু অজন্তা নেওগৰ পিছফালে নৰেন্দ্ৰ মোডী’’ । সেইবাবে ন বিজেপি অজন্তা নেওগক ভোট দিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷
ইয়াৰোপৰি, গোলাঘাটত এখন মেডিকেল কলেজ স্থাপন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বদনে মান আনিছিল আৰু এইবাৰ কংগ্ৰেছে আজমলক আনিছে বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷