ETV Bharat / state

গোলাঘাটত লক ডাউনৰ সম্ভাৱনাৰ ইংগিত স্বাস্থ্য মন্ত্ৰীৰ

author img

By

Published : Jul 3, 2021, 10:42 AM IST

গোলাঘাটত ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়া, প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত শুকুৰবাৰে মাজনিশা পৰ্যন্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) ই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পৰ্যালোচনা সভাত মিলিত হয় ।

health-minister-at-golaghat
গোলাঘাটত পুনৰ হ'ব পাৰে লকডাউন

গোলাঘাট, 3 জুলাই : গোলাঘাটত ক’ভিদ (Covid 19)ৰ পৰিৱেশ অধিক জটিলৰ দিশে গতি কৰাৰ ফলত সষ্টম হৈ উঠিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন । ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে শুকুৰবাৰে মাজনিশা পৰ্যন্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta)ই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা স্বাস্থ্য বিভাগ, প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত পৰ্যালোচনা সভাত মিলিত হয় । পৰ্যালোচনা সভাত ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ক'ভিড কেয়াৰ চেণ্টাৰক (Covid Care Centre) ক'ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে ক’ভিড (Covid 19)সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ জিলাখনতে আৰক্ষী আৰু প্ৰশাসনৰ লোকক অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভত আলোচনা হয় ।

নিশা 12 বজাত গোলাঘাটত উপস্থিত কেশৱ মহন্ত

পৰ্যালোচনা সভাত গোলাঘাট জিলাত লক ডাউন জাৰি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ স্বাস্থ্য়মন্ত্ৰী গৰাকীয়ে (Health Minister Keshab Mahanta) এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ ক’ভিড (Covid)ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক সহযোগিতা কৰিবলৈ জনতাক আহ্বান জনায় ।

স্বাস্থ্য়মন্ত্ৰী (Health Minister Keshab Mahanta)গৰাকীয়ে গোলাঘাটৰ ক’ভিড চিকিৎসালয় (Covid Hospital)খন এসপ্তাহৰ ভিতৰত কাৰ্যক্ষম হ'ব বুলি জানিবলৈ দিয়ে ৷ চিকিৎসালয়খনত ১০খন আইচিইউ যুক্ত বিচনা স্থাপনৰ লগতে দুই এদিনৰ ভিতৰতে শিশু আইচিইউ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ উপৰিও ৩০ খন বিচনাত অতিৰিক্তভাৱে অক্সিজেনৰ ব্যৱস্থা কৰা হ'ব ।

গোলাঘাটত ক'ভিড (Covid 19) ৰ অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৫০ হাজাৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, পৰ্যালোচনা সভাত কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora), সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (MLA Biswajit Phukan), জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । গোলাঘাট আৰক্ষীয়ে বৃহস্পতিবাৰৰ দিনটোত ক’ভিড প্ৰ'ট'কল উলংঘন কৰাসকলৰ বিৰুদ্ধে প্ৰায় দুই লাখ টকাৰ জৰিমনা বিহে ।

পৰ্যালোচনা সভাত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

লগতে পঢ়ক : অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.