ETV Bharat / state

Unhygienic food in Golaghat : সুস্বাদু খাদ্যৰ নামত Hasty Tasty ৰেষ্টুৰেন্টে বিলাইছে বহবিহ

পুনৰ চৰ্চাত গোলাঘাটৰ Hasty Tasty নামৰ ৰেষ্টুৰেন্টখন । গ্ৰাহকক সুস্বাদু খাদ্য খোৱাৰ নামত ৰেষ্টুৰেন্টখনৰ মালিকে চলাইছে অতপালি (Hasty Tasty Restaurant serve unhygienic food) । সঘনে চৰ্চাত থকা এই ৰেষ্টুৰেন্টখনত এইবাৰ ওলাইছে গেলা দুৰ্গন্ধময় ম্যাদ ওকলা খাদ্য ৷

Unhygienic food in Golaghat
সুস্বাদু খাদ্যৰ নামত Hasty Tasty ৰেষ্টুৰেন্টে বিলাইছে বহবিহ
author img

By

Published : Nov 21, 2022, 9:43 PM IST

গোলাঘাট, 21 নৱেম্বৰ : আপুনি বাৰু ফাষ্টফুড খাইনে ? সুস্বাদু বিভিন্ন ফাষ্টফুডৰ কথা শুনিলে আপোনাৰো জিভালৈ নিশ্চয় পানী আহে ৷ কিন্তু ৰ’ৱ, ফাষ্টফুডৰ বহিঃ অৱয়ব নাইবা ফাষ্টফুডৰ ৰং-বিৰঙি দোকান দেখি ভোল নাযাব আপুনি ৷ কিয়নো এই বাহ্যিক জাক-জমকতাই আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ বিপদ ৷

কিয়নো আমি এনে এখন ৰেষ্টুৰেন্টৰ কথা, যিখন প্ৰায়ে থাকে সংবাদ শীৰ্ষত ৷ অৱশ্য সুস্বাদু খাদ্যৰ বাবে নহয়, গেলা-পচা খাদ্য গ্ৰাহকক দিয়াৰ বাবেহে থাকে চৰ্চাত ৷ পুনৰ বাৰ চৰ্চালৈ অহা এই ৰেষ্টুৰেন্টখন আছে গোলাঘাটত ৷ নাম Hasty Tasty (Hasty Tasty Restaurant)।

কেতিয়াবা যদি ম্যাদ ওকলা পেকেটিং সামগ্ৰী বিক্ৰী কৰাক কেন্দ্ৰ কৰি আহিছে চৰ্চাত ৷ আন কেতিয়াবা আকৌ অস্বাস্থ্যসন্মত পৰিৱেশৰ মাজত গ্ৰাহকক খাদ্য খুৱাই চৰ্চাৰ শীৰ্ষত থাকে গোলাঘাটৰ এই Hasty Tasty নামৰ ৰেষ্টুৰেন্টখন ৷ এইবাৰ এই ৰেষ্টুৰেন্টখনত উলাইছে দুৰ্গন্ধময় গেলা খাদ্য (Hasty Tasty Restaurant serve unhygienic food) ৷ এইবাৰ গ্ৰাহকক গেলা খাদ্য খুৱাই বিপাঙত পৰিছে Hasty Tasty নামৰ ৰেষ্টুৰেন্টখনৰ গৰাকী ৷

সুস্বাদু খাদ্যৰ নামত Hasty Tasty ৰেষ্টুৰেন্টে বিলাইছে বহবিহ

তথ্য অনুসৰি, সোমবাৰে দিনৰ ভাগত গোলাঘাটৰ তিনি যুৱক ৰেষ্টুৰেন্টখনলৈ গৈছিল খাদ্য খাবলৈ । তেওঁলোকে অৰ্ডাৰ দিলে তিনিটা চিকেন ৰোল ৷ অৰ্ডাৰ দিয়াৰ মাত্ৰ 2 মিনিটতেই প্লেটত আহিল চিকেন ৰোল তিনিটা । চিকেন ৰোল মুখত দিয়াৰ লগে লগেই যুৱককেইজনে পালে দুৰ্গন্ধ ।

খোৱাতো দূৰৰে কথা, মুখৰ ওচৰলৈকে গ্ৰাহকে নিব নোৱাৰে ৰোল কেইটা ৷ লগে লগেই গ্ৰাহকসকলে ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী ৰমেশ গুপ্তাক অভিযোগ দিয়াত প্ৰথমে টকাৰে মেনেজ কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে । পিছত পৰিস্থিতি বিষম দেখি ৰেষ্টুৰেন্টৰ পৰা পলাই য়ায় স্বত্বাধিকাৰী ৰমেশ গুপ্তা ।

তাৰ পাচতে ৰেষ্টুৰেন্টখনত গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ খবৰ দিয়া হয় খাদ্য সুৰক্ষা বিভাগ (Golaghat Food Safety Department) আৰু গোলাঘাট আৰক্ষীক ৷ খবৰ পোৱাৰ পাচতে উক্ত স্থানত খাদ্য সুৰক্ষা বিভাগৰ এটা দল উপস্থিত হৈ জব্দ কৰে ম্যাদ ওকলা খাদ্যসমূহ । আনকি শুকান খাদ্য প্ৰস্তুত কৰা ৰেষ্টুৰেন্টখনৰ কাৰখানাটোৰ ভিতৰত পোৱা গৈছে মৰি থকা প‌ইতাচোৰা, পৰুৱা, ম্যাদ ওকলা কেক ৷ যাক লৈ চকু কপালত উঠিছে স্থানীয় ৰাইজৰ ৷

ইফালে খাদ্য সুৰক্ষা বিভাগক খবৰ দিয়াত ঘটনাস্থলীলৈ আহে মাত্ৰ এগৰাকী কৰ্মচাৰী । এগৰাকী কৰ্মচাৰীয়ে কি কি তথ্য যুগুত কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : News impact of ETV Bharat : পৰিষ্কাৰ হোৱাৰ দিশে মাছখোৱাস্থিত লাচিত উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.