গোলাঘাট, 24 চেপ্তেম্বৰ: আমছুক কোম্পানী আখ্যা দি অসমৰ গৰিয়া , মৰিয়া, দেশী আৰু জলহা লোকসকলৰ হৈ মাত নামাতিবৰ বাবে সকিয়ালে সদৌ অসম গৰিয়া, মৰিয়া, দেশী আৰু জলহা জাতীয় পৰিষদৰ নেতাসকলে ৷ আমছুক বাংলাদেশী ৰক্ষক সংগঠন বুলি সমালোচনা কৰি জনগোষ্ঠী কেইটাৰ নেতাসকলে অভিযোগ কৰে যে আমছু বদৰুদ্দিন আজমলৰ এটা কোম্পানী আৰু এনে কোম্পানীৰ গৰিয়া, মৰিয়া, দেশী, জলহা লেকসকলৰ হৈ মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই ৷
গোলাঘাট লংগৰ চাহ মাজাৰ প্ৰাংগনত সদৌ অসম গৰিয়া, মৰিয়া, দেশী আৰু জলহা জাতীয় পৰিষদৰ এখন যৌথ সংবাদমেল সম্বোধন কৰি আমছুক সমালোচনাৰে থকা সৰকা কৰে ৷ শেহতীয়াকৈ গৰিয়া, মৰিয়া, দেশী, জলহা জনগোষ্ঠীৰ বাবে আমছুৱে স্বায়ত্ব শাসন দাবী কৰাক লৈ জাঙুৰ খাই উঠিছে জনগোষ্ঠীটোৰ লোকসকল ৷ তেওঁলোকে কয় যে বৰ্তমান তেওঁলোকে স্বায়ত্ব শাসনৰ প্ৰযোজন অনুভৱ কৰা নাই আৰু অদূৰ ভৱিষ্যতে যদি প্ৰয়োজনায়তা আহিও পৰে তেন্তে তেওঁলোকে নিজেই তাৰ বাবে মাত মাতিব ৷
জনগোষ্ঠী কেইটাৰ নেতাসকলে আমছুৰ নেতা-বৃন্দই কেৱল ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত পূৰ্বৰে পৰাই কেৱল কংগ্ৰেছৰ হৈ হে মাত মাতি অহাৰো গুৰুতৰ অভিযোগ তোলে ৷ আমছুৱে ধৰ্মীয় ৰাজনীতি কৰাৰ অভিযোগ তুলি মৰীয়া জনগোষ্ঠীৰ এজন নেতাই কয় যে তেওঁলোক ইছলাম আদৰ্শত বিশ্বাসী আৰু সদায়েই নিজকে জনগোষ্ঠী হিচাপেই পৰিচয় দি আহিছে , সেয়ে আমছুৰ তেওঁলোকৰ হৈ মাত মতাৰ কোনো প্ৰয়োজন নাই ৷