ETV Bharat / state

সোণালী সূতা প্ৰকল্পৰ ন-ৰূপ - গোলাঘাট জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ

হাবি-জংঘলৰ মাজত জহি-খহি যোৱা সোণালী সূতা প্ৰকল্পৰ এটা গৃহ ৷ পৰিত্যক্ত হৈ প্ৰায় 15-16 বছৰ ধৰি পৰি আছিল প্ৰকল্পটো ৷ স্থানীয় মহিলাৰ উদ্যোগত প্ৰকল্পৰ গৃহটোৱে প্ৰাণ পাই উঠিছে ৷ মুগাৰ পৰিৱৰ্তে ইয়াত উৎপাদন হ’ব হাঁহ-কুকুৰা ৷

Golden yarn Project of Jaljari barpothar Village
স্থানীয় মহিলাৰ উদ্যোগ প্ৰাণ পালে জালজৰী গাঁৱৰ সোণালী সূতা প্ৰকল্পই
author img

By

Published : Jun 30, 2021, 8:48 PM IST

সৰুপথাৰ, 30 জুন : সোণালী সূতা খ্যাত অসমৰ এড়ী, মুগা সূতা আৰু বস্ত্ৰই বিশ্ব দৰবাৰত লাভ কৰি আহিছে বিশেষ সমাদৰ । কিন্তু পৰিতাপৰ বিষয় এই মুগা সূতা উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰে আজিও উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত বিভিন্ন স্থানত সোণালী সূতা প্ৰকল্প স্থাপন কৰা হৈছিল ৷ সেইসমূহ প্ৰকল্প আজিৰ দিনত পৰিত্যক্ত অৱস্থাত আছে ৷

গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত জালজৰী গাঁৱত ১৯৯৯ চনতে গোলাঘাট জিলা গ্ৰাম্য উন্নয়ন অভিকৰণে স্থাপন কৰিছিল এটা সোণালী সূতা প্ৰকল্প । উদ্দেশ্য আছিল অঞ্চলটোৰ শিপিনীসকলক এৰি মুগা সূতা উৎপাদন আৰু বস্ত্ৰ প্ৰস্তুতকৰণৰ জৰিয়তে স্বাৱলম্বী কৰি তোলা । বৰ্তমান এই প্ৰকল্পটো হাবি-জংঘলৰ মাজত জহি-খহি যোৱাহে পৰিলক্ষিত হৈছে ৷

স্থানীয় মহিলাৰ উদ্যোগ প্ৰাণ পালে জালজৰী গাঁৱৰ সোণালী সূতা প্ৰকল্পই

উল্লেখ্য যে, ১৯৯৯ চনত তদানীন্তন অগপ চৰকাৰৰ মন্ত্ৰী বিনোদ গোৱালাই উদ্বোধন কৰা এই প্ৰকল্পটো প্ৰথম দুটামান বছৰ ভাল দৰেই চলিছিল ৷ পৰৱৰ্তী সময়ত প্ৰকল্পটোৰ যন্ত্ৰ-পাতিসমূহ বিকল হৈ পৰে ৷ পাচত যন্ত্ৰপাতিসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয়ভাৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

বিগত প্ৰায় 15-16 বছৰ কাল পৰিত্যক্ত অৱস্থাত পৰি আছে এই প্ৰকল্পটো ৷ বৰ্তমান জহি-খহি যোৱাৰ প্ৰকল্পৰ গৃহটোত স্থানীয় মহিলাসকলে 'প্ৰতিষ্ঠা' নামেৰে এটা গোট খুলি চৰকাৰী সাহায্যৰে এখন কুকুৰা ফাৰ্ম খোলাৰ ব্যৱস্থা কৰিছে ৷ গোটৰ সদস্যাই জানিবলৈ দিয়া মতে, কৃত্ৰিমভাৱে কুকুৰা কণীৰ পৰা পোৱালী উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা হৈছে ৷

জালজৰী গাঁৱৰ মহিলাসকলে কুকুৰা ফাৰ্ম খুলি স্বাৱলম্বিতাৰ পথ বাছি লৈছে ৷ এইক্ষেত্ৰত ক'ভিড সৃষ্ট পৰিৱেশে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে গোটটোৱে ইনক্ৰুবেটৰ, জেনেৰেটৰকে ধৰি অনান্য সা-সামগ্ৰী ক্ৰয় কৰিছে যদিও বৰ্তমান আংশিক লক ডাউন চলি থকাৰ বাবে ক্ৰয় কৰিব পৰা নাই কণী ৷

লগতে পঢ়ক: বিধায়ক ৰকিবুল হুছেইনক ফোনযোগে প্ৰাণ নাশৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.