গোলাঘাট, 31 জুলাই: গোলাঘাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত ডাকঘৰ চাৰিআলিত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিনন্দন চিত্ৰই দি গ'ল যেন এক অনন্য বাৰ্তা ৷ বাস্তৱ পৃথিৱীখনত মানৱ সমাজে সচৰাচৰ মুখামুখি হৈ থকা বিভিন্ন প্ৰশ্ন, যুক্তি তথা বিতৰ্ক আদিবোৰ যেন কিছুসময়ৰ বাবে গোলাঘাটৰ ৰাজপথত জীৱন্ত হৈ উঠিল ৷ নৱ চিন্তা,নতুন ধ্যান ধাৰণা আৰু নতুনত্বৰ পথ সন্ধানী এচাম শিশু আৰু কিশোৰ-কিশোৰীয়ে আলোকিত কৰি তুলিলে গোলাঘাটৰ ৰাজপথ ৷ সমাজৰ ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই ছবিৰ কথাৰে প্ৰত্যুত্তৰ জনাইছে বাস্তৱিক সমাজখনক । নিভাঁজ তথা দেৱতুল্য মনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ তুলিকাত জ্বিলিকি উঠিল শিশু শ্ৰমিকৰ বিৰহ, বন ধ্বংস, হাতী মানুহৰ সংঘাত আদিবোৰ বিষয় ৷ এইসকল ছাত্ৰ ছাত্ৰীৰ কোমল হাতৰ পৰশৰ কুমলীয়া মনটোৱে সিচি দিলে গভীৰ বাৰ্তা । মনোজ্ঞ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত গোলাঘাট জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰি সহকাৰী আয়ুক্ত পূজা পূনম গগৈ,মুখ্য অতিথি হিচাপে শিক্ষয়িত্ৰী তথা কবি ছবি বৰুৱা, বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ কবি পলাশ লইঙে অংশগ্ৰহণ কৰে ।
ৰং তুলিকাত জীৱন্ত হৈ উঠিল গোলাঘাটৰ ৰাজপথ - Naba art golaghat
গোলাঘাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী কণ কণ ছাত্ৰ-ছাত্ৰীসকলে লাইভ পেইণ্টিংৰ যোগেদি সমসাময়িক সমাজক জনাই গ'ল প্ৰত্যাহ্বান দি গ'ল যেন শুভবাৰ্তা ৷ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল সাম্প্ৰতিক সমাজ জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি ৷
গোলাঘাট, 31 জুলাই: গোলাঘাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত ডাকঘৰ চাৰিআলিত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিনন্দন চিত্ৰই দি গ'ল যেন এক অনন্য বাৰ্তা ৷ বাস্তৱ পৃথিৱীখনত মানৱ সমাজে সচৰাচৰ মুখামুখি হৈ থকা বিভিন্ন প্ৰশ্ন, যুক্তি তথা বিতৰ্ক আদিবোৰ যেন কিছুসময়ৰ বাবে গোলাঘাটৰ ৰাজপথত জীৱন্ত হৈ উঠিল ৷ নৱ চিন্তা,নতুন ধ্যান ধাৰণা আৰু নতুনত্বৰ পথ সন্ধানী এচাম শিশু আৰু কিশোৰ-কিশোৰীয়ে আলোকিত কৰি তুলিলে গোলাঘাটৰ ৰাজপথ ৷ সমাজৰ ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই ছবিৰ কথাৰে প্ৰত্যুত্তৰ জনাইছে বাস্তৱিক সমাজখনক । নিভাঁজ তথা দেৱতুল্য মনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ তুলিকাত জ্বিলিকি উঠিল শিশু শ্ৰমিকৰ বিৰহ, বন ধ্বংস, হাতী মানুহৰ সংঘাত আদিবোৰ বিষয় ৷ এইসকল ছাত্ৰ ছাত্ৰীৰ কোমল হাতৰ পৰশৰ কুমলীয়া মনটোৱে সিচি দিলে গভীৰ বাৰ্তা । মনোজ্ঞ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত গোলাঘাট জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰি সহকাৰী আয়ুক্ত পূজা পূনম গগৈ,মুখ্য অতিথি হিচাপে শিক্ষয়িত্ৰী তথা কবি ছবি বৰুৱা, বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ কবি পলাশ লইঙে অংশগ্ৰহণ কৰে ।
Body:গোলাঘাটৰ পদপথত প্ৰতিযোগিতা।নৱ চিন্তা,নতুন ধ্যান ধাৰণা আৰু নতুনত্বৰ সন্ধানত আলোকিত গোলাঘাটৰ ৰাজপথ।ৰাজআলিৰ কাষে কাষে হাতে হাতে ৰং তুলিকা লৈ এজাক কিশোৰ কিশোৰী।প্ৰত্যেকৰে হাতৰ পৰশত প্ৰাণ পাই উঠিছে একো একোখন জীৱন্ত ছবি।ছবিৰ কথাৰে প্ৰত্যাহ্বান জনাইছে বাস্তৱিক সমাজখনক।ছবিৰে বিৰোধিতা কৰিছে শিশু শ্ৰমিকৰ, বিৰোধিতা কৰিছে বন ধ্বংসৰ, হাতী মানুহৰ সংঘাতৰ উদ্ৰেগজনক দিশ সমূহো ৰং তুলিকাৰ জৰিয়তে জীৱন্ত ৰূপ পাইছে।এইসকল ছাত্ৰ ছাত্ৰীৰ কোমল হাতৰ পৰশৰ কুমলীয়া মনটোৱে সিচি দিলে গভীৰ বাৰ্তা।গোলাঘাটৰ অগ্ৰণী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত ফলঙনি ডাকঘৰ চাৰিআলিত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কাৰী ছাত্র ছাত্ৰীয়ে যেন সকীয়াই দিলে বহু কথা।মনোজ্ঞ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত গোলাঘাট জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰি সহকাৰী আয়ুক্ত পূজা পূনম গগৈ,মূখ্য অতিথি হিচাপে শিক্ষয়িত্ৰী তথা কবি ছবি বৰুৱা, বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ কবি পলাশ লইঙে অংশগ্ৰহণ কৰে।সাংবাদিক গিৰীন বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক কমল দত্তই সভাত বক্তব্য ৰাখে।Conclusion:Byte : আয়োজক
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম