ETV Bharat / state

গোলাঘাটত ধোৱাচাঙত তৃতীয় পৰ্যায়ৰ লক্ ডাউন

তৃতীয় পৰ্যায়ৰ লক্ ডাউন অব্যাহত থকাৰ মাজতে গোলাঘাটত একাংশ লোকে লক্ ডাউন ভংগ কৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে জিলা দণ্ডাধীশক লগত লৈ আৰক্ষীয়ে চলোৱা এক অভিযানত অসৎ ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল জিলা প্ৰশাসন ৷

author img

By

Published : May 6, 2020, 4:22 PM IST

Golaghat town visit district magistrate
গোলাঘাটত ধোৱাচাঙত তৃতীয় পৰ্যায়ৰ লক্ ডাউন

গোলাঘাট, 6 মে' : তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ অন্তত কিছু পৰিমানে শিথিল কৰা হৈছে পূৰ্বৰ নীতি-নিৰ্দেশনা ৷ কিন্তু এই শিথিলতাৰ সুয়োগ লৈ গোলাঘাট জিলাত একাংশ লোকে লক্ ডাউন ভংগ কৰা পৰিলক্ষিত হৈছে ৷

বুধবাৰে জিলাখনত লক্ ডাউন ভংগকাৰী লোকৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে গোলাঘাট প্ৰশাসন ৷ জিলা দণ্ডাধীশৰ সহযোগত গোলাঘাট আৰক্ষীয়ে চহৰখনত এক অভিযান চলাই বহু কেইজন অসৎ ব্যৱসায়ীক সকিয়নী প্ৰদান কৰে ৷ আনহাতে, ৰাজপথত চলাচল কৰা বাহন সমূহক তন্ন-তন্নকৈ নিৰীক্ষণ কৰাৰ লগতে হেলমেট আৰু নথিপত্ৰ বিহীন গাড়ী চালকৰ বিৰুদ্ধে সৰৱ হৈ উঠে প্ৰশাসন ৷

লগতে যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে সেই সমূহ প্ৰতিষ্ঠানক সন্ধিয়া 5 বজাৰ লগে লগে প্ৰতিষ্ঠান সমূহ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা দণ্ডাধীশ গৰাকীয়ে ৷

লগতে পঢ়ক : প্ৰশাসনৰ হাতোৰাত বিধ্বস্ত আৰটিআই কৰ্মী দুলাল বৰাৰ অট্টালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.