ETV Bharat / state

গোলাঘাটত দৈনিক মজুৰি বৃদ্ধিক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ - ন্যায্য প্ৰাপ্তিৰ

৩৫০ টকা দৈনিক মজুৰি বিচাৰি বাগিচাই বাগিচাই অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে।

golaghat  tea labour protest
গোলাঘাটত দৈনিক মজুৰি বৃদ্ধিক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Sep 16, 2020, 4:19 PM IST

গোলাঘাট,16 ছেপ্তেম্বৰঃ গোলাঘাটৰ শালমাৰা আৰু বেতিয়নী চাহ বাগিচাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ। বাগিচা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী শ্ৰমিকে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবী বিচাৰি বিজেপি চৰকাৰ গ'বেক, শ্ৰম মন্ত্ৰী হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাটত দৈনিক মজুৰি বৃদ্ধিক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ

উল্লেখযোগ্য যে,মূল্য বৃদ্ধিয়ে কোঙা কৰা চাহ শ্ৰমিকক মাত্ৰ ১৯৪ টকা দৈনিক মজুৰি দিয়েই দায় সামৰিছে বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰে । ২০১৭ চনতে দৈনিক মজুৰিৰ চুক্তিৰ ম্যাদ শেষ হৈছে যদিও এই পৰ্যন্ত নতুন চুক্তিৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰাৰ অভিযোগ। ৩৫০ টকা দৈনিক মজুৰি বিচাৰি বাগিচাই বাগিচাই অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে।

ইপিনে দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বুধবাৰে ১ ঘন্টিয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷ আগন্তুক ২২ ছেপ্টেম্বৰত চক্ৰ বিষয়া,মহকুমা কাৰ্যালয় আদিৰ সন্মুখত শাখা সংঘই প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে চাহশ্ৰমিক সকলে। বুধবাৰেও প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ স্থলীৰ পৰাও মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ গোলাঘাটৰ ধনশিৰি নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ পৰিচয় চিনাক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.