গোলাঘাট, 17 জুনঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোলাঘাটৰ চাহ বাগিচাসমূহতো চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা , চাহ শ্ৰমিকৰ ৫ মাহৰ বকেয়া আদায় দিয়া আদিৰ দাবীত চাহ শ্ৰমিকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
উক্ত প্ৰতিবাদত দৈগ্ৰোঙ চাহ বাগিচা, লেটকোজান, ধলাগুৰি, বকিয়াল আদি চাহ বাগিচাৰ শ শ শ্ৰমিকে অংশগ্ৰহণ কৰি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল'গান দিয়ে ৷