ETV Bharat / state

এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাট ছাত্ৰ সন্থাৰ প্ৰতিবাদ - গোলাঘাট ছাত্ৰ সন্থা

গোলাঘাটত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । এজন ছাত্ৰৰ মৃত্যুক লৈ প্ৰতিবাদত নামিল গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা । চিকিৎসালয়ৰ কৰ্তব্যৰত নাৰ্চৰ অৱহেলাৰ বাবে ছাত্ৰ গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে ৷

Golaghat Student's union protest
এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল গোলাঘাট ছাত্ৰ সন্থা
author img

By

Published : Aug 17, 2020, 8:29 PM IST

গোলাঘাট,17 আগষ্টঃ এইবাৰ এজন ছাত্ৰৰ মৃত্যুক লৈ প্ৰতিবাদত নামিল গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তব্যৰত নাৰ্চৰ অৱহেলাৰ বাবে ছাত্ৰ ৰাজ মজুমদাৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিবাদমুখৰ হৈ উঠিছে গোলাঘাট ছাত্ৰ সন্থা ৷ সোমবাৰে গোলাঘাট আঞ্চলিক ছাত্র সন্থাই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল গোলাঘাট ছাত্ৰ সন্থা

উল্লেখ্য যে, ৰাজ মজুমদাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল। শনিবাৰে ৰাজ মজুমদাৰৰ অতিপাত পেটৰ বিষ আৰু শৌচ -প্ৰস্বাৱ নোহোৱাৰ বাবে লৈ অনা হৈছিল গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ। কিন্তু চিকিৎসকৰ পৰামৰ্শৰ পিছতো নাৰ্চে ছাত্ৰ জনৰ ৰেপিড টেষ্ট নকৰি কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰিলে। অৱশেষত দুৰ্ভগীয়া ছাত্ৰ জনে চিকিৎসাৰ অভাৱতে চিকিৎসালয়তে মৃত্যুক আকোঁৱালি ল'ব লগা হয়। এনে দুৰ্ভাগ্যজনক বিষয়ক লৈ গোলাঘাটত এতিয়া ছাত্ৰ সমাজৰ প্ৰতিবাদ । স্বাস্থ্য বিভাগৰ একাংশ কৰ্মচাৰীৰ ময়মতালিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃপখিলা খেদা বয়সত পংগুত্বৰ জীৱন কটাইছে জোনমনিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.