ETV Bharat / state

গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস

author img

By

Published : Jun 20, 2020, 4:15 PM IST

গোলাঘাটৰ ৰেচম কেন্দ্ৰত উৎপান ক্ষমতা হ্ৰাস হৈ আহিছে দিনক দিনে ৷ কৰ্মচাৰীয়ে উৎপাদন ক্ষমতাত গুৰুত্ব প্ৰদান নকৰি চৰকাৰী টকাৰ অপব্যবহাৰ কৰি গৃহ নিৰ্মাণ কৰি থকাৰহে অভিযোগ উঠিছে ৷

golaghat sarupathar  sericulature  producation  capacity low
গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস

গোলাঘাট,20জুনঃগোলাঘাট জিলাৰ সৰুপথাৰত থকা ৰেচম বিভাগৰ দুটা মূগা উৎপাদন কেন্দ্ৰত দিনক দিনে কমি আহিছে মূগা উৎপাদন ক্ষমতা ৷ মূল সমস্যা সমাধানত গুৰুত্ব নিদি এটাৰ পিচত আন এটা গৃহ নিৰ্মাণ কৰি বিভাগটোৱে চৰকাৰী ধনৰ অপচয় কৰাহে পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে মূগা পলু পুহিবলৈ কেন্দ্ৰ দুটাত নাই প্ৰয়োজনীয় চুমগছ ৷ মাত্ৰ কেইজোপামান চুম গছত থকা মূগা পলুক লৈ ব্যস্ত বিভাগটোৰ কৰ্মচাৰী ৷ কিন্তু তাৰ বিপৰীতে বিভাগটোৱে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এটাৰ পিচত আন এটা গৃহ ৷

উল্লেখযোগ্য যে,মূগা উৎপাদন কৰিবলৈ মূগা পলু পুহিবলৈ হ'লে প্ৰয়োজন চুম গছৰ ৷ কিন্ত দুয়োটা কেন্দ্ৰতে নাই পৰ্যাপ্ত পৰিমাণৰ চুম গছ ৷ যি কেইডাল গছ আছিল সেয়াও গৰু ছাগলীয়ে নষ্ট কৰি পেলায় ৷ ছেৱাগুৰিত থকা ১৯ হেক্টৰ মাটিৰ এই মূগা উৎপাদন কেন্দ্ৰটোত সম্প্ৰতি প্ৰায় ১০ হেক্টৰ মাটিহে আছেগৈ যদিও চাৰিওফালে পকীবেৰা নথকাৰ বাবে চুম গছ সংৰক্ষণ কৰিব পৰা হোৱা নাই ৷ ৰেচম বিভাগে প্ৰথমতে কেন্দ্ৰটোত পকীবেৰাৰ বিষয়টো গুৰুত্ব দি নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বিপৰীতে অন্যান্য গৃহ নিৰ্মাণতহে বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ যাৰ বাবে লাখ লাখ চৰকাৰী ধনৰ অপচয় হোৱাৰ লগতে অব্যৱহৃত হৈ আছে নৱনিৰ্মিত গৃহ সমূহ ৷ ইফালে বিভাগীয় এক সুত্ৰৰ মতে,সৰুপথাৰ আৰু ছেৱাগুৰিৰ মূগা উৎপাদন কেন্দ্ৰত নতুনকৈ চুম গছ ৰূপণৰ বাবে বিভাগে ঠিকাদাৰক ঠিকা প্ৰদান কৰাৰ পিছতো ৷ আজি পৰ্যন্ত কাম নকৰাৰ অভিযোগ উঠিছে ৷ ছেৱাগুৰিত ট্ৰেক্টৰেৰে হালবোৱা আৰম্ভ কৰিছিল যদিও সৰুপথাৰত সেয়াও আৰম্ভ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইফালে মূল সমস্যা সমাধানৰ ক্ষেত্ৰত বিভাগক গুৰুত্ব প্ৰদান কৰাৰ লগতে অতিশীঘ্ৰে ঠিকাদাৰক কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ৷

লগতে চাওকঃ বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.