সৰুপথাৰ, 17 জুন : চুলাই ট্ৰেজেদীয়ে গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমক জোকাৰি যোৱা পাচতো ৰাজ্য়খনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপথাৰত অব্যাহত আছে চুলাই অবাধ বেহা ৷ একাংশ লোকে সহজতে ধন ঘটাৰ উদ্দেশ্যে গোপনে চলাই আহিছে এই চুলাই ব্যৱসায় ৷
বৃহস্পতিবাৰে বৰপথাৰৰ টেঙানীত অবৈধ চুলাই বেহাৰ বিৰুদ্ধে এক অভিযান চলালে গোলাঘাট আৰক্ষীয়ে ৷ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানীৰ দুই নৈ সুঁতি, ৰাজগড়, খটখটী আদি অঞ্চলত এই অভিযান চলাই আৰক্ষীয়ে ৷
জানিব পৰা মতে ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত বৰপথাৰ আৰক্ষী থানাৰ আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত চলোৱা এই অভিযানত প্ৰায় 3500 লিটাৰ চুলাই জব্দ কৰা হয় ৷ তদুপৰি উক্ত অভিযানত বৃহৎ পৰিমাণৰ চুলাই বনোৱা সা-সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷
স্থানীয় লোকে সদৰি কৰা মতে, গোলাঘাট জিলাত সংঘটিত হোৱা চুলাই ট্ৰেজেদীৰ প্ৰভাৱ এতিয়াও শেষ হোৱা নাই ৷ বৰ্তমানেও জিলাখনৰ বিভিন্ন প্ৰান্তত মাৰাত্মক চুলাই সেৱন কৰি বহু লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি চুলাই সেৱন কৰাৰ ফলত দেহত দেখা দিয়া জটিল ৰোগৰ বাবে বহুজনৰ জীৱন অচল হৈ পৰিছে বুলি সদৰি কৰিছে একাংশ সচেতন লোকে ৷
লগতে পঢ়ক: এই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল