ETV Bharat / state

কহঁৰা নদীৰ কাষত ক'ভিড চিকিৎসালয় নিৰ্মাণকলৈ ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 8, 2020, 7:26 PM IST

কহঁৰা নদীৰ গাতে লাগি থকা ডি আৰ ডি এ গেষ্ট হাউচ আৰু কাজিৰঙাৰ কহঁৰাৰ অসম পৰ্যটন নিবাসৰ বনশ্ৰী পৰ্যটন নিবাসক ক'ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে একাংশ ৰাইজ তথা দল সংগঠনে।

Golaghat people protest because of Covid 19 hospital made beside kohora river
কহঁৰা নদীৰ কাষত ক'ভিড চিকিৎসালয় নিৰ্মাণকলৈ ৰাইজৰ প্ৰতিবাদ

গোলাঘাট,8 আগষ্টঃ গোলাঘাট জিলাৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ মাজেৰে বৈ যোৱা কহঁৰা নদীৰ গাতে লাগি থকা ডি আৰ ডি এ গেষ্ট হাউচ আৰু কাজিৰঙাৰ কহঁৰাৰ অসম পৰ্যটন নিবাসৰ বনশ্ৰী পৰ্যটন নিবাসক বোকাখাত মহকুমা প্ৰশাসনে ক'ভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰ কৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে একাংশ ৰাইজ তথা দল সংগঠনে। কহঁৰা নদীৰ কাষত থকা উক্ত দুখন পৰ্যটন নিবাসৰ স্নানাগাৰৰ সকলো পানী চক পিটত পেলোৱাৰ কোনো ব্যৱস্থা নথকাত নলায়েদি আহি কঁহৰা নদীত পৰাক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য যে, এই কহঁৰা নদীৰ পানী কহঁৰা পিলখানা, নেপালী গাঁও, ২ নং কহঁৰাকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে গা ধোৱা, খোৱা আদি সকলো কামত ব্যৱহাৰ কৰি থাকে।

kohora river
কহঁৰা নদী

ইয়াৰ উপৰিও বন বিভাগৰ পোহনীয়া হাতীক গা ধুওৱাৰ পৰা আৰম্ভ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন থকা এই নদীখনৰ পানী বন্যপ্ৰাণীয়ে ব্যৱহাৰ কৰে। বোকাখাত মহকুমা প্ৰশাসনে ক'ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা উক্ত দুখন পৰ্যটন নিবাসৰ স্নানাগাৰৰ পানী যাতে কোনোপধ্যে কহঁৰা নদীত পৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়কঃপিতৃ-মাতৃৰ অৱৰ্তমানত পৰিয়ালৰ গধুৰ দায়িত্ব লৈছে কণমানি ৰূপালীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.