ETV Bharat / state

গোলাঘাট নাৰ্ছিং হোমৰ বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ আৰক্ষীৰ ! - গোলাঘাট সন্মিলিত নাগৰিক মঞ্চ

জিলা প্ৰশাসন আৰু গোলাঘাট সন্মিলিত নাগৰিক মঞ্চই দাখিল কৰা গোচৰৰ ভিত্তিত উপায়ুক্তৰ নিৰ্দেশত তালাচী চলায় আৰক্ষী আৰু প্ৰশাসনৰ লোকে ৷ উক্ত অভিযানত ইতিমধ্যে বহু নথি পত্ৰৰ লগতে বায'মেট্ৰিক মেচিন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

GOLAGHAT NURSHING HOME CHECKING BY POLICE
গোলাঘাট নাৰ্ছিং হোমৰ বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ আৰক্ষীৰ!
author img

By

Published : Jun 27, 2020, 9:21 PM IST

গোলাঘাট, 27 জুনঃ গোলাঘাট নাৰ্ছিং হোমত জিলা প্ৰশাসন আৰু আৰক্ষীৰ তীব্ৰ অভিযান চলায় । উক্ত নাৰ্ছিং হোমৰ একাংশ কৰ্মচাৰীৰ শৰীৰত কোভিড-19 ধৰা পৰাৰ পিছতো কাম কৰি থকা অভিযোগৰ ভিত্তিত প্ৰশাসনে অভিযান চলায় ৷

গোলাঘাট নাৰ্ছিং হোমৰ বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ আৰক্ষীৰ!

উল্লেখ্য যে, গোলাঘাট নাৰ্ছিং হ'ম খন NHM তথা MMU ৰ দুজন লেৱৰটৰী টেকনিচিয়ান প্ৰাঞ্জল বৰা আৰু ঋতুৰাজ টাৰেৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতো তেওঁলোকে গোপনে নাৰ্ছিং হোমত কাম কৰি আহিছিল ৷ তাৰ পাছতেই নাৰ্ছিং হোম খনৰ চাৰি গৰাকী নাৰ্ছ, এজন মিস্ত্ৰী আৰু ছজন ৰোগীৰ আত্মীয়ৰ দেহত কোবিড-19 পজিটিভ ধৰা পৰে । উক্ত ঘটনটো পোহৰলৈ অহাত জিলা প্ৰশাসন আৰু গোলাঘাট সন্মিলিত নাগৰিক মঞ্চই দাখিল কৰিছিল এটা গোচৰ ৷

উক্ত গোচৰৰ ভিত্তিত নাৰ্ছিং হোম খনৰ clinical establishment Act ৰ অধীনত সকলো নথি পত্ৰ পৰীক্ষা কৰে জিলা প্ৰশাসনে । নাৰ্ছিং হোমৰ কৰ্তৃপক্ষ ডা০ চন্দন বৰঠাকুৰে Clinical establishment Act ৰ অধীনৰ কিছু নীতি নিয়ম উলংঘা কৰাৰ অভিযোগৰ বাবেই প্ৰশাসনে এই অভিযান চলায় । গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত খনীন্দ্ৰ দাসৰ নেতৃত্বত প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ পাপু গগৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ তৌফিক ৰহমান, জিলা কোবিড বিষয়া ডা০ দিলীপ ৰাজবংশীৰ উপস্থিতিত সকলো তথ্য পাতি পৰীক্ষা কৰে গোলাঘাট আৰক্ষীয়ে । 16 জুন পৰ্যন্ত সক্ৰিয় হৈ থকা বায়মেট্ৰিক মেচিন সন্দৰ্ভতো অভিযান চলাইছে অভিযানকাৰী দলটোৱে ৷ ইতিমধ্যে বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

আনহাতে, চিকিৎসালয় খনৰ স্বত্বাধিকাৰী ডা০ চন্দন বৰঠাকুৰে জানিবলৈ দিয়া মতে, তেওঁৰ সকলো নথি পত্ৰ সঠিক ৰূপত আছে । তিনি চাৰি দিনৰ পাছতেই নাৰ্ছিং হোম খন পুনৰ মুকলি হ'ব বুলিও জনায় ডা০ বৰঠাকুৰে ৷

লগতে পঢ়ক- আমিনগাঁও, জালুকবাৰীত তীব্ৰ যান-জঁট ; ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ শ শ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.