ETV Bharat / state

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন - নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন

গোলাঘাটত নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ খাদ্যৰ বাবে দুশ কলপুলি ৰোপন কৰে ফলঙনীৰ একাংশ যুৱকে ৷ হাতী-মানুহৰ সংঘাটৰ উপশম ঘটাবলৈ যলঙনীৰ যুৱকসকলৰ এই পদক্ষেপ ৷

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন
author img

By

Published : Nov 23, 2019, 11:08 AM IST

গোলাঘাট, 23 নৱেম্বৰ: গোলাঘাটত এদল সচেতন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে; সেই সময়তে গোলাঘাট ফলঙনীৰ এচাম যুৱকে বনৰীয়া হাতীৰ খাদ্যৰ বাবে নামবৰ বিজুলী বন্যপ্ৰানী অভয়াৰণ্যত কলপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ বিজুলী বনাঞ্চলত মুঠ দুশ জোপা কলপুলি ৰোপণ কৰে ফলঙনিৰ যুৱকসকলে ৷ হাতী আৰু মানুহৰ সংঘাট কিছু লাঘৱ কৰিবলৈ ফলঙনী যুৱকসকলে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণী জনোৱাৰ লগতে এই কাৰ্যত পূৰ্ণ সহযোগিতা আগবঢ়াই বগীজান আৰক্ষী থানা আৰু মুৰফুলনী বনবিভাগৰ লোকে ।

উল্লেখ্য যে, উক্ত কলপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছুইজাৰলেণ্ডৰ এগৰাকী পৰ্যটকে । পৰ্যটক গৰাকীয়ে কলপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত হাতী মানুহৰ সংঘাতৰ বৰ্ণনা দি কয় যে, বনাঞ্চল ধ্বংস, খাদ্য সংকট , হস্তী কৰিডৰ সমূহত অবৈধ বেদখল ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে ৷ লগতে এই ধৰণৰ কলপুলি ৰোপন কাৰ্যসূচীয়ে অলপ হ'লেও হাতী-মানুহ সংঘাটত উপশম ঘটাব বুলিও ব্যক্ত কৰে পৰ্যটক গৰাকীয়ে ৷

নামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন ফলঙনী যুবকৰ

লগতে পঢ়ক:পৰ্যটকৰ বাবে অচিৰেই মুকলি হ’ব বগামাটি

Intro:গোলাঘাটত এদল সচেতন মুৱকৰ প্ৰশংসনীয় পদক্ষেপ!! যি সময়ত হাতী মানুহৰ সংঘাটত বৃদ্ধি পাইছে। সংঘাতৰ ফলত হাতী আৰু মানুহৰ মৃত্যূ হৈছে ।বহুপৰিয়াল গৃহহীন হৈ পৰিছে। যিসময়ত বন্য জন্তুৱে মানুহৰ নিসংসতাৰ বলি হৈ মৃত্যুৰ মুখত পৰিছে। সেই সময়তে গোলাঘাট ফলঙনীৰ এচাম যুৱকে বনৰীয়া হাতীৰ বাৱে নামবৰ বিজুলী বন্য প্ৰানী অভৰান্যত দুশৰো অধিক কলপুলি ৰূপন কৰি হাতী আৰু মানুহৰ সংঘাটৰ উপসমৰ চেষ্টা অব্যাহত ৰাখিছে। ফলঙনী যুৱকসকলৰ মহানুভবতাক সকলোৱে আদৰনী জনাইছে। বগীজান আৰক্ষী থানা আৰু মুৰফুলনী বনবিভাগৰ লোকে পুৰ্ন সহযোগিতা আগবঢাই । কলপুলি ৰূপন কাৰ্যসূচীৰ ছুইজাৰলেণ্ডৰ এগৰাকী পৰ্যটকো অংশগ্ৰহণ কৰে । অংশগ্ৰহণ কৰি পৰ্যটক গৰকীয়ে সংবাদ মাধ্যমৰ আগত হাতী মানুহৰ সংঘাতৰ বৰ্ণনা দিয়ে । বনাঞ্চল ধ্বংস, খাদ্য সংকট , হস্তী কৰিডৰ সমূহত অবৈধ বেদখল ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে । আৰু ধৰণৰ কলপুলি ৰূপন কাৰ্যসূচী অলপ হলেও সকাহ দিব বুলি ব্যক্ত কৰিছে ।Body:Byte 1 : বিদেশী পৰ্যটক
Byte 2 : আৰক্ষীConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.