গোলাঘাট, 4 আগষ্টঃ গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই আদৰ্শ চিকিৎসালয়ত সোমবাৰে নিশা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । হাস্পতালখনত চিকিৎসাৰ বাবে অনা 5 জনকৈ কৰ'ণা ৰোগীক লৈ আতংকিত হৈ পৰে অঞ্চলবাসী ৷ দৰাচলতে, হাস্পতালখনত চিকিৎসক উপস্থিত নথকাৰ ফলত 5 জনকৈ কৰ'ণা ৰোগীক চিকিৎসা প্ৰদান কৰিব নোৱাৰে হাস্পতাল কতৃপক্ষই ৷ ইয়াৰোপৰি, হাস্পতালখনত ৰোগীৰ প্ৰয়োজনীয় কোনো সামগ্ৰী মজুত নথকাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰো গা এৰা দিয়া ব্যৱহাৰে ৰোগীক চিন্তিত কৰি তোলে ৷
লগতে পঢ়কঃ নগাঁও হাস্পতালত নাৰ্ছৰ ওপৰত চিকিৎসকৰ গুণ্ডাৰাজ
আনহাতে, কোভিড হাস্পতালখনৰ এই পৰিস্থিতিৰ লৈ উত্তেজিত হৈ পৰে স্থানীয় লোক ৷ চিকিৎসালয়খনত বৰ্তমানলৈ কোনো সুৰক্ষা কৰ্মী নথকাক লৈও আতংকিত হৈ পৰে অঞ্চলবাসী ৷ সেয়ে চিকিৎসালয়খনৰ পৰা যাতে কোনো পজিটিভ ৰোগী পলাই যাব নোৱাৰে , অথবা ইচ্ছা অনুযায়ী বাহিৰলৈ যাব নোৱাৰে এই বিষয়টো নিৰীক্ষণৰ বাবে প্ৰশাসনক আৰক্ষী নিয়োজিত কৰিবলৈ আহ্বান জনাই ৰাইজে ৷
উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ অন্তৰ্গত উৰীয়ামঘাট আদৰ্শ চিকিৎসালয় , নুমলীগড় নাৰ্চিং চেণ্টাৰ, গোলাঘাট নাৰ্চিং চেণ্টাৰ আৰু খুমটাই আদৰ্শ চিকিৎসালয়ক 50 খন বিচনাযুক্ত কোভিড 19 চিকিৎসালয়ৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিল । কিন্তু প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে আজিকোপতি সেয়া সম্ভৱ হৈ নুঠিল ৷ সেয়ে ইয়াৰ ফল ভোগ কৰিছে ৰোগী তথা স্থানীয় লোকে ৷