ETV Bharat / state

গোলাঘাটত বিহু নাচি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

আঠখেলীয়াত প্ৰথমখন নিৰ্বাচনী সভাত অংশ লৈ সমৰ্থকৰ সৈতে বিহু নাচি প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ এই প্ৰচাৰ সভাত গৌৰৱ গগৈক সংগ দিয়ে বিধায়িকা অজন্তা নেওগে

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ
author img

By

Published : Apr 5, 2019, 5:38 PM IST

গোলাঘাট,5এপ্ৰিলঃ শুকুৰবাৰে গোলাঘাটত বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত সেৱা আগবঢ়াই 6 খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷ গৌৰৱ গগৈৰ এই প্ৰচাৰ সভাত তেওঁক সংগ দিয়ে বিধায়িকা অজন্তা নেওগে ৷ ইপিনে মেৰপানীত গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত পদুম ফুলে বহুতো মিছা কথা ক'লে বুলি কৈ এইবাৰ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বুলি মন্তব্য কৰে। আনহাতে বিজেপিৰ কোনো নিজা উন্নয়ন আঁচনি নোহোৱাৰ স্বত্তেও কংগ্ৰেছৰ মাজনী, বাইদেউ, নবৌ আঁচনি কৰ্তনহে কৰিলে বুলি বিজেপিক কটাক্ষ কৰে গৌৰৱ গগৈয়ে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

উল্লেখ্য যে শুকুৰবাৰে গোলাঘাটৰ আঠখেলীয়া, মাটিখোলা, জামুগুৰি, দহমাইল খুটি, মেৰাপানী আৰু গোলাঘাট নগৰত নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে ।

Intro:গোলাঘাট বিহু নাচি ব্যাপক নিৰ্বাচনী প্ৰচাৰ কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈৰ । গোলাঘাট ঐতিহ্যমণ্ডিত আঠখেলীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই ঢোলৰ চেওত নাচনী লগত ককাল ভাঙি নাচিলে সাংসদ গৌৰৱ গগৈয়ে।Body:আজি আঠখেলীয়াত উপস্থিত হয় সাংসদ প্ৰাৰ্থী গৰাকীয়ে প্ৰথমেই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত শৰাই অৰ্চধ কৰি সেৱা লয় । নামঘৰতে প্ৰসাদ খাই ৬ খনকৈ নিৰ্বাচনী সভালৈ অগ্ৰসৰ হয় সাংসদ গৌৰৱ গগৈ । আঠখেলীয়া প্ৰথমখন নিৰ্বাচনী সভালৈ ঢোলে-দগৰে আদৰি নিয়ে গৌৰৱ গগৈক । বহাগ বুলিলে এনেই অসমীয়াৰ গা সাতখন-আঠখন তাতে আকৌ ঢোলৰ গুমগুমণি কেনেকৈ নো ৰৈ থাকে যুৱ সাংসদ গৰাকী । ঢোলৰ চাপৰত ৰাংঢালি গাভৰুৰ সৈতে ককাল ভাঙি আৰু হাত মেলি নাচিলে গৌৰৱ গগৈয়ে । কিন্তু বিহুৰ এই উখল -মাখল পৰিবেশত বিহু নালাগিল প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগৰ গা ত । মুঠৰ উপৰত আঠখেলীয়া নামঘৰত আঠু লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰলৈ আগবাঢ়িল সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈ । আজিৰ দিনটোত আঠখেলীয়া , মাটিখোলা , জামুগুৰি, দহমাইল খুটি, মেৰাপানী আৰু গোলাঘাট নগৰত নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে । গোলাঘাটত গৌৰৱ গগৈক সংগ দিলে বিধায়িকা অজন্তা নেওগেConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.