ETV Bharat / state

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক

সঞ্জীৱক অতি কষ্টৰে মাতৃয়ে গুৱাহাটীত চিকিৎসা কৰি সুস্থ কৰি তুলিছিল ।  সুস্থ হৈ ঘৰলৈ অহাৰ পাছত পূৰ্বতে ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল আনিবলৈ গৈছিল সঞ্জীৱে ।

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক
author img

By

Published : Jun 9, 2019, 7:45 PM IST

গোলাঘাট,৯জুন : গোলাঘাটত শোকাৱহ ঘটনা । ড্ৰাগছৰ ঘাটিত এজন যুৱকক হত্যা কৰাৰ অভিযোগ যুৱকৰ পৰিয়ালৰ ।

ড্ৰাগছৰ ঘাটিত নিহত গোলাঘাটৰ যুৱক

ঘটনা অনুসৰি, গোলাঘাট চান্দমাৰিৰ বাসিন্দা ৰুনু গোস্বামীৰ পুত্ৰ সঞ্জীৱ গোস্বামীয়ে দীৰ্ঘদিন ধৰি সেৱন কৰি আহিছিল ড্ৰাগছ । জ্যোতি নগৰৰ 'জজ' নামৰ ড্ৰাগছৰ ঘাটিটোত ড্ৰাগছ সেৱণ কৰি অহাৰ বাবে অসুস্থ হৈ পৰিছিল সঞ্জীৱ । সঞ্জীৱক অতি কষ্টৰে মাতৃয়ে গুৱাহাটীত চিকিৎসা কৰি সুস্থ কৰি তুলিছিল । সুস্থ হৈ ঘৰলৈ অহাৰ পাছত পূৰ্বতে ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল আনিবলৈ গৈছিল সঞ্জীৱে । বন্ধকৰ মোবাইল বিচৰাৰ বাবেই ড্ৰাগছ ঘাটিটোৰ ব্যৱসায়ী জজ আৰু তেওঁৰ ভাতৃয়ে গুৰুতৰ ভাৱে প্ৰহাৰ কৰাত যুৱকজনে মৃত্যুক আকোৱালি লয় বুলি অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালে । মৃত যুৱকজনক এখন ৰিক্সাত উঠাই চিকিৎসালয়লৈ আনি থাকোতে মাতৃৰ দৃষ্টি গোচৰ হয় । মৃত যুৱকজনক চিকিৎসালয়ত পেলাই থৈ পলায়ন কৰে হত্যাকাৰীৰ দলটোৱে । ইতিমধ্যে মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছে যদিও বৰ্তমানলৈকে পলাতক হত্যাকাৰীৰ দলটো ।

Intro: গোলাঘাটত ভয়ংকৰ ঘটনা । অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু আৰু এজন যুৱকৰ । ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছৰ ঘাটিতেই হত্যা কৰাৰ অভিযোগ মাতৃৰ । হত্যা কৰি যুৱক জনক চিকিৎসালয়লৈ লৈ অহাৰ অভিযোগ ।
Body:গোলাঘাট নগৰ একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিনত হোৱাৰ বাবেই নিতৌ সংঘটিত হৈছে ভয়ংকৰ ঘটনা । ড্ৰাগছৰ ঘাটিত পৰিনত হোৱা গোলাঘাটত পুণৰ সংঘটিত হল অন্য এক ভয়ংকৰ ঘটনা । গোলাঘাট চান্দমাৰিৰ বাসিন্দা ৰুনু গোস্বামীৰ পুত্ৰ সঞ্জীৱ গোস্বামীক নগৰৰ জ্যোতি নগৰৰ এটা ড্ৰাগছৰ ঘাটিত হত্যা কৰাৰ অভিযোগ । আজি দুপৰীয়া সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা । উল্লেখ্য গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ সঞ্জীৱ গোস্বামী নামৰ ড্ৰাগছ আসক্ত যুৱকজনে দীৰ্ঘদিন ধৰি জ্যোতি নগৰৰ জজ ( Xoxo ) নামৰ এটা ড্ৰাগছৰ ঘাটিত ড্ৰাগছ সেৱন কৰি আহিছিল । ড্ৰাগছ খাই অৱশেষত অসুস্থ হৈ পৰা সঞ্জীৱক মাতৃয়ে বহু কষ্টেৰে গুৱাহাটীত চিকিৎসা কৰি সুস্থ কৰি তুলিছিল । সুস্থ হৈ ঘৰলৈ অহাৰ পাছত পূৰ্বতে ড্ৰাগছৰ ঘাটিত বন্ধকত থৈ অহা মোবাইল আনিবলৈ আজি জজ ৰ ঘাটিলৈ গৈছিল । বন্ধকৰ মোবাইল বিচৰাৰ বাবেই জজ আৰু তেওঁৰ ভাতৃয়ে গুৰুতৰ ভাৱে প্ৰহাৰ কৰাত মৃত্যুক আকোৱালি লয় সঞ্জীৱ গোস্বামী নামৰ যুৱকজনে । আৰু মৃত যুৱক জনক এখন ৰিক্সাত উঠাই চিকিৎসালয়লৈ আনি থাকোতে মাতৃৰ দৃষ্টি গোচৰ হয় । মৃত যুৱকজনক চিকিৎসালয়ত পেলাই থৈ পলায়ন কৰে হত্যাকাৰীৰ দলটো । ইতিমধ্যে মাতৃয়ে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছে যদিও বৰ্তমানলৈকে পলাতক হত্যাকাৰীৰ দলটো ।
উল্লেখ্য যে পূৰ্বতে গোলাঘাট আৰক্ষীৰ কমিছন খোৱা নীতিৰ বাবেই সমগ্ৰ গোলাঘাট নগৰত ব্যাপক হাৰত বৃদ্ধি পালে ড্ৰাগছ আসক্তৰ সংখ্যা । বৰ্তমান গোলাঘাটৰ বহু যুৱকে অকাল মৃত্যুক সাবটি লৱ লগা হৈছে ।

Conclusion:Byte 1 : মাতৃ (,ৰুনু গোস্বামী)
Byte 2 : আত্মীয়

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.