গোলাঘাট,21 এপ্ৰিলঃ কৰ’ণাৰ আতংকই হেপাহৰ ৰঙালী বিহুটিক ম্লান পেলালেও নোহোৱা কৰিব পৰা নাই অসমীয়াৰ উৎসাহ ৷ লক ডাউনৰ বাবে ঢুলীয়াৰ ঢোলৰ চাপৰত নাচনী ওলাই আহিব নোৱাৰিলেও নিজ নিজ ঘৰতে থাকিয়েই বিহু এপাক মাৰিছে সকলোৱে ৷ সমান্তলাৰকৈ গোলাঘাটতো নিজৰ ঘৰৰ বাৰীতে কঁকাল ভাঙি নাচিছে তিনিজনী কণমানিয়ে ৷ কৰ’ণাৰ বাবে বিহুৰ এই বতৰত ওলাই যাব নোৱাৰাৰ বাবে ঘৰতে বিহু নাম গাই নাচিলে ৷
লগতে পঢ়ক-কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন : এম.এছ স্বামীনাথন