গোলাঘাট, 1 জুন: গোলাঘাটত একাংশ কোম্পানী তথা উদ্যোগে তলা বন্ধৰ সুযোগ গ্ৰহণ কৰি শ্ৰমিক তথা কৰ্মচাৰীসকলক অব্যাহতি দিয়াৰ অভিযোগ উত্থাপন হৈছে । তেনে এক ঘটনা সংঘটিত হৈছে জিলাখনৰ নুমলীগড়স্থিত জৈৱ শোধনাগাৰত। পাঞ্জাৱ ইঞ্জিনিয়াৰিং নামৰ এটা বহিৰাগত কোম্পানীয়ে কৰ’ণা মহামাৰীৰ বাবে অব্যাহত তলা বন্ধৰ সুযোগ গ্ৰহণেৰে বহু শ্ৰমিকক বৰ্খাস্ত কৰিছে কামৰ পৰা ৷ যাৰ বাবে পূৰ্বৰ পৰা কাম কৰি থকা শ্ৰমিকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা ৷
উপায়ন্তৰ শ্ৰমিকসকলে সোমবাৰে জৈৱ শোধনাগাৰটোৰ মুখ্য প্ৰৱেশ পথত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ শীঘ্ৰে এইসকল শ্ৰমিকক কামত নিয়োগ নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে ৷
লগতে চাওকঃ গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ যুৱতীৰ