গোলাঘাট, 5 জানুৱাৰী: মঙলবাৰৰ পৰা খুমটাইৰ আধাৰসত্ৰ বহুমুখী প্ৰকল্পত শুভাৰম্ভ কৰা হয় সাঁচি উদ্যোগ বিষয়ৰ এক কৰ্মী প্ৰশিক্ষণ শিবিৰ ৷ অসম আগৰউদ এৰ’মা এফ.পি.চি, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু গোলাঘাট জিলা উপায়ুক্তৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰা হয় ৷ এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে বিধায়ক মৃণাল শইকীয়াই ৷
প্ৰায় এমাহজোৰা চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰৰ প্ৰথমটো দিনতে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ কেইবাগৰাকীয়ো যুৱকে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণ শিবিৰটি উদ্বোধন কৰি বিধায়ক মৃণাল শইকীয়াই এই কৰ্মশালাৰ দ্বাৰা জিলাখনৰ যুৱকসকল সাঁচি খেতিৰ দ্বাৰা আৰু অধিক পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক-গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন