গোলাঘাট,19 আগষ্টঃ গোলাঘাটৰ নুমলীগড় ধনশিৰী নৈৰ পাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ফটোত পূজা অৰ্চনা। অঞ্চলটোত কালৰূপী ধনশিৰি নদীৰ গৰাখহনীয়াত নিচিহ্ন হৈ আহিছে ঘৰ-ভেটি,খেতি পথাৰ ৷ যাতায়তৰ একমাত্ৰ পথটোৰ এটা অংশ জাহ গৈছে নদীৰ বুকুত । লগতে একমাত্ৰ শিক্ষানুষ্ঠান খনো ধনশিৰীৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
চৰকাৰ প্ৰশাসনক বাৰম্বাৰ আবেদন নিবেদন কৰিও এইসকল দুৰ্ভগীয়াৰ কাষত চৰকাৰ তথা প্ৰশাসন ঠিয় নোহোৱাৰ অভিযোগ । সোমবাৰে উপায়ন্তৰ হৈ এই সকল গাঁওবাসীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ফটো লৈ নেদেখা জনৰ ওচৰত শৰণাপন্ন হৈ নদীৰ পাৰত পূজা অৰ্চনা কৰি সেৱা ল'লে একেলগে ।