ETV Bharat / state

বৰপথাৰত দ গাঁতৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ!

বৰপথাৰ নগৰৰ মাজমজিয়াৰ হাইস্কুল তিনি আলি সমীপৰ প্ৰবীন বৰাৰ ঘৰৰ পাচফালে এটি পুৰণা টিউওৱেলৰ পৰা দুৰ্গন্ধময় পানী ওলোৱাত সেই টিউৱেলটো উঠাই দিয়া হয় আৰু সেই স্থানত বিগত এমাহৰ পৰা বুৰবুৰণি উঠি আছিল ৷

বৰপথাৰত দ গাঁতৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ
author img

By

Published : Jul 9, 2019, 10:45 AM IST

সৰুপথাৰ,9 জুলাইঃ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইত এতিয়া প্ৰাকৃতিক গেছ নিৰ্গত হ'ব ধৰিছে ৷ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত মাত্ৰ ৫০ ফুট গভীৰতাত স্থাপন কৰা টিউওৱেল উঠাই দিয়াৰ পাচত সেই স্থানৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ETV BHARAT ASSAM
বৰপথাৰত দ গাঁতৰ পৰা নিৰ্গত হৈছে প্ৰাকৃতিক গেছ

বৰপথাৰ নগৰৰ মাজমজিয়াৰ হাইস্কুল তিনি আলি সমীপৰ প্ৰবীন বৰাৰ ঘৰৰ পাচফালে এটি পুৰণা টিউওৱেলৰ পৰা দুৰ্গন্ধময় পানী ওলোৱাত সেই টিউৱেলটো উঠাই দিয়া হয় আৰু সেই স্থানত বিগত এমাহৰ পৰা বুৰবুৰণি উঠি আছিল ৷ পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত বুৰবুৰনি উলাই থকা স্থানত জুইশলা কাঠি মাৰি চোৱাত হঠাৎ সেই স্থানত জুই জ্বলি উঠে ৷ টিউৱেলটোৰ পৰা গেছ নিৰ্গত হৈ আছে সেই কথা অৱগত হোৱাত পৰিয়ালটোৰ সদস্যসকলৰ মাজত ভয়ৰ সৃষ্টি হয় ৷সেয়ে তেওঁলোকে অ এন জিচিৰ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ ইপিনে ঘন জনবসতিৰ অঞ্চলটোত যদি ভৱিষ্যতে বেচিকৈ গেছ নিৰ্গত হয় তেতিয়াহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকাত ভুগিছে পৰিয়ালটোৰ সদস্য সকল ৷

Intro:প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ধনশিৰি মহকুমাৰ যতে ততে এতিয়া প্ৰাকৃতিক গেছ নিৰ্গত হব ধৰিছে |মাত্ৰ ৫০ ফুট পুতা টিউৱেল উঠাই দিয়াৰ পাচত গাত থকা স্হানৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰত |Body:বৰপথাৰ নগৰৰ মাজমজিয়াৰ হাইস্কুল তিনি আলি সমীপৰ প্ৰবীন বৰাৰ ঘৰৰ পাচফালে এটি পুৰনি টিউৱেলৰ পৰা ওলোৱা পানী দুৰ্গন্ধযুক্ত হোৱাৰ বাবে সেই টিউৱেলটো উঠাই পেলোৱাত সেই স্হানত এমাহ মান বুৰবুৰাই থকাত পৰিয়ালৰ লোকৰ সন্দেহ হোৱাৰ বুৰবুৰনি উলাই থকা স্হানত জুইশলা কাঠি মাৰি চোৱাত হঠাত জুই জ্বলি উঠাত তাৰ পৰা যে গেছ নিৰ্গত হৈ আছে তাক অৱগত হোৱাত পৰিয়ালটোৰ সদস্যসকলৰ মাজত ভয় ভাৱৰ সৃষ্টি হয় | তেওঁলোকে অএনজিচিৰ বিভাগৰ লোক আহি সেয়া আচলতে কি তাক নিশ্চিত কৰি যাবলৈ আহ্বান জনায়

ঘন জনবসতিৰ অঞ্চলটোত যদি ভৱিষ্যতে বেচিকৈ গেছ নিৰ্গত হয় তেতিয়া ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে |
Conclusion:Byte - Family Member

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.