ETV Bharat / state

সন্ত্ৰাসবাদ নিপাত যাওঁক ! যোৰহাটত 501 গছি বন্তি প্ৰজ্বলনৰে আছুৰ শ্ৰদ্ধাঞ্জলি - TRIBUTE TO VICTIMS OF BOMB BLAST

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত 'সন্ত্ৰাসবাদ নিপাত যাওঁক' ধ্বনি দিয়ে ।

TRIBUTE TO VICTIMS OF BOMB BLAST
সন্ত্ৰাসবাদ নিপাত যাওঁক ! যোৰহাটত 501 গছি বন্তি প্ৰজ্বলনৰে আছুৰ শ্ৰদ্ধাঞ্জলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 8:38 PM IST

যোৰহাট: 2008 চনৰ 30 অক্টোবৰত সন্ত্ৰাসবাদীয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটাৰোড আৰু বঙাইগাঁৱত বোমা বিস্ফোৰণ ঘটাই হত্যা কৰাসকলক সুঁৱৰি 501 গছি বন্তি প্ৰজ্বলনেৰে বুধবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছাত্ৰ সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত 'সন্ত্ৰাসবাদ নিপাত যাওঁক' ধ্বনি দিয়ে ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদসকলৰ আত্মাৰ সদগতি অৰ্থে বন্তি প্ৰজ্বলন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক নীহাৰিকা শইকীয়াই এই অভিশপ্ত দিনটোত নিহত প্ৰত্যেকজনকে সশ্ৰদ্ধ সোঁৱৰণেৰে সন্ত্ৰাসবাদক পুলিয়ে-পোখাই উৎখাত কৰি সৰ্বত্ৰে এক সুস্থিৰ-শান্ত পৰিৱেশ যাতে বিৰাজ কৰে সেইক্ষেত্ৰত চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ।

TRIBUTE TO VICTIMS OF BOMB BLAST
সন্ত্ৰাসবাদ নিপাত যাওঁক ! যোৰহাটত 501 গছি বন্তি প্ৰজ্বলনৰে আছুৰ শ্ৰদ্ধাঞ্জলি (ETV Bharat)

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰীক্ষিত ফুকন আৰু সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনে বন্তি প্ৰজ্বলন কৰি কয় যে বোমা বিস্ফোৰণত নিহত আৰু আহতসকলৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে বহন কৰক । ইতিমধ্যে যথেষ্ট বিলম্ব হৈছে । দুৰ্ভগীয়া পৰিয়ালসমূহক শীঘ্ৰেই ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক । অসমৰ মাটিৰ পৰা সন্ত্ৰাসবাদ আৰু মৌলবাদ উৎখাত হ'বই লাগিব ।

উক্ত অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক বেদান্ত ভৰালী,শিক্ষা সম্পাদক ঐনিতম দত্ত আৰু প্ৰচাৰ সম্পাদক অম্লান জ্যোতি ভৰালী, বিদ্যুৎ জ্যোতি দাসৰ লগতে অৰ্ধশতাধিক ৰাইজ আৰু ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায় । উল্লেখ্য যে গণেশগুৰিৰ বোমা বিস্ফোৰণ নিহত যোৰহাটৰ এটা পৰিয়ালে আজিকোপতি চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে, কাৰণ সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বোমা বিস্ফোৰণ নিহত পৰিয়ালক চৰকাৰী সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ।

লগতে পঢ়ক: অভিশপ্ত ৩০ অক্টোবৰ: গণেশগুৰিত নাই কোনো চৰকাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.