তেজপুৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে টাৱাং যুদ্ধ স্মাৰকৰ সমীপত বীৰ যোদ্ধা তথা 'অখ্যাত নায়ক' মেজৰ বব খাটিঙৰ এটি ঐতিহ্য সংগ্ৰহালয় মুকলি কৰিব ।
স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টাৱাঙত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৬ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি মুকলি কৰিব । তাৰ পিছত তেওঁ ভাৰতীয় সেনাৰ এগৰাকী অখ্যাত সেনানী মেজৰ বব খাটিঙৰ নামত উছৰ্গা কৰা সংগ্ৰহালয়তো মুকলি কৰিব ।

সংগ্ৰাহালয়টোত মেজৰ বব কাটিঙে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা সামৰিক পোছাক, তেওঁৰ কৃতিত্বৰ ওপৰত যুগুত কৰা বিভিন্ন লেখনি, জীৱন পৰিক্ৰমাৰ লগতে টাৱাং জিলাৰ মনপা জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰৰ লগতে বিভিন্ন ধৰণৰ পৌৰাণিক সামগ্ৰীও ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে ১৯৫১ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে টাৱাঙত ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল মেজৰ বব খাটিঙে । তেৱেঁই প্ৰথমতে টাৱাঙত ভাৰতীয় প্ৰশাসন যন্ত্ৰ স্থাপনৰ আৰম্ভণি কৰিছিল ।

এগৰাকী অতি বিশিষ্ট সৈনানী বব খাটিঙক তদানীন্তন ব্ৰিটিছ সাম্ৰাজ্যই 'মিলিটাৰী ক্ৰছ' (Military Cross) সন্মান প্ৰদান কৰিছিল । আনহাতে, ব্ৰিটেইনৰ ৰাণীয়ে 'অৰ্ডাৰ অব দ্য ব্ৰিটিছ এম্পায়াৰ'ৰ (Order of the British Empire) সদস্য হিচাপেও সন্মানিত কৰিছিল ।
উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে টাৱাঙত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ তেজপুৰতে বাহৰ পাতিবলগা হয় । বৃহস্পতিবাৰে পুৱা তেওঁ টাৱাঙত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
আনহাতে, এই সংগ্ৰহালয়টোৰ উদ্বোধনী অনুষ্ঠানত মেজৰ বব খাটিঙৰ পুত্ৰ জন খাটিং আৰু পৰিয়ালৰ আন সদস্যসকল উপস্থিত থাকিব । ইতিমধ্যে তেওঁলোক টাৱাঙত উপস্থিত হৈছে । ইয়াৰ উপৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙো অনুষ্ঠানটোত উপস্থিত থাকিব ।
এই অনুষ্ঠান সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে কয়, "১৯৫১ চনৰ ফেব্ৰুৱাৰী মাহত টাৱাঙত ভাৰতীয় প্ৰশাসন স্থাপনৰ বাবে এক সাহসিক অভিযানৰ নেতৃত্ব দিয়া মেজৰ ৰালেংনাও বব খাটিঙৰ বীৰত্বপূৰ্ণ কাৰ্যৰ মানৱ ইতিহাসত আন কোনো উদাহৰণ নাই ।"
উল্লেখ্য যে চৰ্দাৰ বল্লভভাই পেটেল যদিও সকলোৰে বাবে চিনাকি এটা নাম, কিন্তু আমাৰ মাজৰ বহুতে এতিয়াও মেজৰ ৰালেংনাও বব খাটিঙৰ বিষয়ে ভালদৰে অৱগত নহয় । তেওঁ আছিল মণিপুৰৰ এগৰাকী টাংখুল নগা সম্প্ৰদায়ৰ লোক । তেওঁ আছিল এগৰাকী ভাৰতীয় সেনা, অসামৰিক কৰ্মচাৰী আৰু কূটনীতিবিদ । তেওঁ 1950 ৰ দশকত টাৱাঙক ভাৰতীয় প্ৰশাসনৰ অধীনলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।