ETV Bharat / state

নেদেখা জনৰ ওচৰত শৰণাপন্ন গোলাঘাট লেটেকুজান চাহ বাগিচাৰ একাংশ লোক

বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ নেদেখাজনৰ ওচৰত শৰণাপন্ন হ'ল গোলাঘাটৰ এখন বাগানৰ বাসিন্দা ৷

গোলাঘাট লেটেকুজান চাহ বাগিচা
গোলাঘাট লেটেকুজান চাহ বাগিচা
author img

By

Published : Jan 3, 2020, 5:29 PM IST

গোলাঘাট, 3 জানুৱাৰী: গোলাঘাটত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ যিকোনো সময়তে হাতীৰ উপদ্ৰৱে শংকিত কৰি তুলিছে স্থানীয় লোকক ৷ বহুবাৰ হাতীৰ জাকটো খেদি পঠিয়াবলৈ প্ৰয়াস কৰিছে যদিও বিফল হৈছে স্থানীয় লোক ৷ বাবে বাৰে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰিও বিফল হৈছে ৷

নেদেখা জনৰ ওচৰত শৰণাপন্ন লেটেকুজান চাহ বাগিচাৰ একাংশ লোক

সেয়েহে উপায়ন্তৰ হৈ লেটেকুজান বাগিচাৰ লোক সকলে বন্য হস্তীৰ জাকটোৰ পৰা পৰিত্ৰাণ পাবলৈ, বাগিচাৰ মাজতে আয়োজন কৰিলে গণেশ পূজা ৷ শৰণাপন্ন হ'ল নেদেখাজনৰ ৷ নিজৰ ঘৰ খন, খেতি পথাৰ খন ৰক্ষা কৰিবলৈ ধূপ, ধূনা, বন্তি জ্বলাই পূজা অৰ্চনা কৰিলে গণেশ দেৱতাক ৷ কিয়নো তেওঁলোকে হেৰুৱাই পেলাইছে বন বিভাগৰ ওপৰত থকা আস্থা ৷

লগতে পঢ়ক: ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ আশাৰ বতৰা আনিছে আমগুৰিৰ এখন চৰকাৰী বিদ্যালয়ে

Intro:গোলাঘাট লেটেকুজান চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ পূজা । বন্যহস্তীৰ উপদ্ৰৱত আতংকিত অঞ্চলবাসীয়ে উপায়ন্তৰ হৈ শৰণাপন্ন হল নেদেখাজনৰ ওচৰত ।

গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । দিনে নিশাই উপদ্ৰৱ চলাইছে হাতীৰ এটা বৃহৎ জাকে । এই দৃশ্য গোলাঘাটৰ লেটেকুজান চাহ বাগিচাৰ । আজি বহু দিন ধৰি হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আহিছে বাগিচা খনত । যাৰ বাবে বাগিচাৰ শ্ৰমিক সকল ,স্থানীয় লোক সকলে বাগিচা খনত কাম কৰিবলৈ, ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰা হৈছে । হাতীৰ জাকটোক খেদি পঠাবলৈ লোক সকলে চেষ্টা কৰিছে যদিও বাৰে বাৰে বিফল হৈছে মানুহে যিমান খেদিছে হাতীৰ জাকটোৱেও ওভতি ধৰি খেদিছে লোক সকলক । বাৰম্বাৰ বন বিভাগৰ লোকক খবৰ দিও লাভ কৰা নাই সুফল । হাতী খেদিবলৈ উপস্থিত নহয় বন বিভাগৰ লোক । এতিয়া এনেদৰে উপায়ন্তৰ হৈ বাগিচা খনৰ লোক সকলে বন্যহস্তীৰ উপদ্ৰৱ ৰ পৰা ৰক্ষা পাবলৈ এনেদৰে বাগিচাৰ মাজত আয়োজন কৰিলে গণেশ পূজা । শৰণাপন্ন হল নেদেখাজনৰ ওচৰত । নিজৰ ঘৰ খন, খেতি পথাৰ খন ৰক্ষা কৰিবলৈ ধূপ,ধূনা, বন্তি জ্বলাই পূজা অৰ্চনা কৰিলে গণেশ দেৱতাক। বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে লোক সকল আস্থা নোহোৱা হৈছে এতিয়া । চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ।Body:Byte 1: মূকেশ জাল (স্থানীয় যুৱক)Conclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.