ETV Bharat / state

বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা

author img

By

Published : May 23, 2020, 12:47 PM IST

যোগীবাৰী মহিলা গ্ৰাম্য সংগঠনৰ সদস্যা আৰু বিধায়ক মৃনাল শইকীয়াৰ প্ৰচেষ্টাত সমষ্টিটোৰ বিভিন্ন লোকৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণৰ ব্যৱস্থা কৰিছে । বিধায়কজনৰ লগতে যোগীবাৰী মহিলা গ্ৰাম্য সংগঠনৰ সদস্যৰ সকলৰ এই প্ৰচেষ্টাক ইতিমধ্যে সকলোৱে প্ৰশংসা কৰিছে ৷

ETV BHARAT
গোলাঘাটত মৃনাল শইকীয়াৰ মহিলা সৱলিকৰণৰ বিশেষ প্ৰচেষ্টা

গোলাঘাট, 23 মেঃ গোলাঘাটৰ যোগীবাৰীত আত্ম-সংস্থাপনৰ বিশেষ প্ৰচেষ্টা বিধায়ক মৃনাল শইকীয়াৰ ৷ যোগীবাৰী মহিলা গ্ৰাম্য সংগঠনৰ সদস্যা সকলৰ প্ৰচেষ্টাত ইতিমধ্যে গঢ় লৈ উঠিছে মহিলা সৱলীকৰণৰ ব্যৱস্থা ৷

বিশ্বজুৰি কৰ'ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা ফলত কৰ্মসংস্থাপনহীনতাত ভূগিছে বহু হাজাৰ-হাজাৰ লোক । বহুতৰে দুবেলা দুমুঠি খাবলৈ উপায় নাইকিয়া হৈছে । তেনে সময়তে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই মাস্ক প্ৰস্তুতকৰণৰ যোগেদি মহিলা সৱলীকৰণৰ এক প্ৰচেষ্টা লৈছে । যোগীবাৰী মহিলা গ্ৰাম্য সংগঠনৰ সদস্যসকলৰ দ্বাৰা মাস্ক প্ৰস্তুত কৰি সমষ্টিটোৰ বিভিন্ন লোকৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰিছে । প্ৰথম পৰ্যায়ত এক লাখ মাস্ক প্ৰস্তুত কৰি বিতৰণৰ ব্যৱস্থা কৰিছে বিধায়কগৰাকীয়ে। স্বয়ংক্ৰিয় তাঁতশালত শিপিনী সকলে কাপোৰ প্ৰস্তুত কৰি সেই কাপোৰৰ দ্বাৰাই মাস্ক প্ৰস্তুত কৰিছে মহিলা সকলে । এই কাৰ্যৰ দ্বাৰা মহিলাসকলৰ আত্ম সংস্থাপনৰ বাট মুকলি হোৱাৰ লগতে এখন স্বাস্থ্য সন্মত বিনামূলীয়া মাস্ক লাভ কৰিব সমষ্টিবাসীয়ে । বিধায়কজনৰ লগতে যোগীবাৰী মহিলা গ্ৰাম্য সংগঠনৰ সদস্যৰ সকলৰ এই প্ৰচেষ্টাক ইতিমধ্যে সকলোৱে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক- কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.