গোলাঘাট,24আগষ্টঃ গোলাঘাট জিলাত ভুৱা চিকিৎসকৰ টিঘিলঘিলনি ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থতাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল এগৰাকী ভুৱা চিকিৎসক ৷ চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়তে চিকিৎসালয়খনৰ এগৰাকী নাৰ্চৰ সৈতে প্ৰেমৰ সম্পৰ্কত আহে ভুৱা চিকিৎসকগৰাকী ৷ তাৰপিছতে একাধিক নামধাৰী ভুৱা চিকিৎসকগৰাকীয়ে পলুৱাই লৈ যায় বিবাহিতা নাৰ্চগৰাকীক ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ প্ৰেমিকাৰূপী বিবাহিতা নাৰ্চগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকগৰাকীক ৷ ইয়াৰ উপৰিও আৰক্ষীয়ে উদ্ধাৰ কৰে বিবাহিতা নাৰ্চগৰাকীক ৷
ইপিনে, ৰঙাঘৰৰ আলহী হোৱা ভুৱা চিকিৎসকগৰাকীক লৈ বিপাঙত পৰিছে গোলাঘাট আৰক্ষী ৷ কাৰণ এইপৰ্যন্ত ভুৱা চিকিৎসকগৰাকীৰ ঘৰৰ ঠিকনাটো দূৰৰে কথা নামটোও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে সোধ-পোছ আৰম্ভ কৰিলেই অসুস্থতাৰ অজুহাত দেখুৱাই ভুৱা চিকিৎসকগৰাকীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত তদন্তৰ কামো সঠিক ভাৱে কৰিব পৰা নাই আৰক্ষীয়ে ৷ তদুপৰি ভুৱা চিকিৎসগৰাকীয়ে কেতিয়াবা যদি নিজৰ নাম অৰিন্দম শৰ্মা বুলি কয়, কেতিয়াবা আকৌ অবিনাশ শৰ্মা, এম শৰ্মা আদি ভিন্ন নামেৰে নিজৰ পৰিচয় দাঙি ধৰে ৷
আনহাতে,আৰক্ষীৰ অভিযোগ ইয়াৰ পূৰ্বতেও এইগৰাকী ভুৱা চিকিৎসকৰ বিৰুদ্ধে গোলাঘাট থানাত গোচৰ আছে ৷ নিজকে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ লগত ভাল সম্বন্ধ থকা বুলি কৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসলয়ৰ অধীক্ষক উত্তম দত্তক পদোন্নতিৰ বাবে ধন দাবী কৰিছিল ভুৱা চিকিৎসক গৰাকীয়ে । লক্ষণীয় হ'ব শাৰীৰিক অসুস্থতাৰ গইনা লৈ চিকিৎসাধীন হৈ থকা ভুৱা চিকিৎসকগৰাকীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে গোলাঘাট আৰক্ষীয়ে ৷
লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা