গোলাঘাট, 27 ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগিব । অসমীয়া জাতিৰ হিয়াৰ আমঠু অসম সাহিত্য সভা প্ৰকৃততে কি তাক নতুন প্ৰজন্মক বুজাই দিব পাৰিলেহে সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন সফল হ'ব । গোলাঘাটত 105 সংখ্যক অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত স্মৃতি তৰ্পন কৰি এই মন্তব্য কৰে সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।
সোমবাৰে গোলাঘাটত দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত হয় অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস(Asam Sahitya Sabha Foundation Day) । গোলাঘাট সমন্বয় ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে সভাপতি কুলধৰ শইকীয়াই । একে সময়তে সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 105 খন পতাকাও উত্তোলন কৰা হয় ।
পতাকা উত্তোলনত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী, অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই (Olympian Lovlina Borgohain), অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশীকে মুখ্য কৰি 105 গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । এই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বিহু নৃত্য, কাৰ্বি নৃত্য, মিছিং, বড়ো, ঝুমুৰ, ভোৰতাল আদি নৃত্য প্ৰদৰ্শন কৰে ।
মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি, বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বায়ুসেনা বিষয়া মহন্ত পাংগিং, নগালেণ্ডৰ নগা হো হোৰ সভাপতি এইছ কে জীমিয়ে অংশগ্ৰহণ কৰে ।