ETV Bharat / state

গোলাঘাট ঘটনাৰ সম্পূৰ্ণ সবিশেষ ! গোলাঘাট সুৰা ট্ৰেজেদীৰে কি সৰ্ম্পক দুৰ্ঘটনাটোৰ ! - FOUL PLAY IN GOLAGHAT ACCIDENT

এই দুৰ্ঘটনাৰ পিছতেই বিভিন্ন ধৰণৰ সন্দেহ আৰু অভিযোগ উত্থাপিত হৈছে । সুৰাৰ অভিযান আৰু সুৰা ব্যৱসায়ীৰ তথ্য পোহৰলৈ নাহিবলৈ এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ একাংশৰ। গুৱাহাটীৰ পৰা গোলাঘাট লৈ বিশেষ অভিযানৰ বাবে আহিছিল এই আবকাৰী বিভাগৰ কৰ্মচাৰীৰ দলটো । দলটোৱে গোলাঘাট আবকাৰী বিভাগক লগত লৈ অভিযান চলোৱাৰ কথা আছিল যদিও নিশা গোলাঘাট আবকাৰী বিভাগৰ অজ্ঞাতে ওলাই গৈছিল দলটো, তাৰ পিছতেই সংঘটিত হৈছিল এই কৰুণ দুৰ্ঘটনা । ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ বিষয় হ'ল, 39নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ ভাৱে বালি আনিবলৈ নিশা সঘনাই চলাচল কৰে ডাম্পাৰসমুহে।

ৰহস্যৰ আৱৰ্তত গোলাঘাটৰ ভয়ংকৰ পথ দুৰ্ঘটনাত
author img

By

Published : Sep 26, 2019, 9:15 PM IST

গোলাঘাট, 26 ছেপ্টেম্বৰ: ৰহস্যৰ আৱৰ্তত আবকাৰী চোৰাংচোৱা বিভাগৰ বিষয়াৰ পথ দুৰ্ঘটনাৰ ঘটনা ৷ গোলাঘাটৰ সাৰেঙী গাঁৱত মাজনিশা হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে দুজনৰ মৃত্যুৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত এজনৰ মৃত্যু হয় । আৱকাৰী বিভাগৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে গোলাঘাটলৈ অভিযান চলাবলৈ আহিছিল দলটো । গোলাঘাটত শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল ৷ কিন্তু গোলাঘাটৰ মাজেৰে যোৱা 39নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলি আহিছিল অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায়ী । একাংশয়ে সন্দেহ প্ৰকাশ কৰিছে কোনো দুষ্টচক্ৰয়ে সংঘটিত কৰিছে এই দুৰ্ঘটনাটো ।

তথ্যনুসৰি, আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ 6 জন বিষয়া-কৰ্মচাৰী AS-01DJ-0801 নম্বৰৰ টাটা চুম' খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল ৷ তেনে সময়তে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰেঙী গাঁৱত বিপৰীত দিশৰ পৰা অহা NL-05G-1049 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে টাটা চুম' খনৰ মুখামুখি সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পাচতেই মুহুৰ্ততে টাটা চুম'খন জ্বলি যায় ৷ আৰু ইয়াৰ বিপৰীতে ডাম্পাৰ খনৰ কেৱল পাচফালৰ চকা কেইটা জ্বলে যদিও গাড়ীখন ৰক্ষা পৰে ৷ জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম' খনৰ ভিতৰতে ৰমেন বনজাং নামৰ এজন কনিষ্টবল অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবঙৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে, আবকাৰী বিভাগৰ সহপৰিদৰ্শক হৰেকৃষ্ণ কুমাৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ সম্প্ৰতি মুঠ 6 জনৰ ভিতৰত আন তিনিজন বিষয়া চিকিৎসাধীন অৱস্থাত আছে ৷ আহত লোক কেইজনৰ ভিতৰত তানু ইনজাল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে জাহিদুল হক (ছিপাঝাৰ) আৰু চুমু খনৰ চালক কে ৰাহুল সিং ( শিলচৰ) গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু তনু ইনজালৰ ভাষ্য অনুসৰি, আবকাৰী আয়ুক্তৰ নিৰ্দেশ মতে দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল ৷ দলটোৱে গোলাঘাট আবকাৰী বিভাগৰ লগত দিনৰ 4:30 বজাত কথা পাতি নিশা এক গোপন অভিযানৰ বিষয়ে জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আবকাৰী দল বিচাৰিছিল ৷ কিন্তু তেওঁলোকে বিচৰা আবকাৰী দলটোক নোলোৱাকৈয়ে গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা গুৱাহাটীৰ দিশে ওলাই গৈছিল । অৱশ্যে আবকাৰী বিভাগৰ চোৰাংচোৱাৰ দলটো কি বিশেষ কামত গোলাঘাটলৈ আহিছিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ একাংশই অভিযোগ কৰা অনুসৰি অবৈধ ভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ'ল এই সকল আবকাৰী বিষয়া কৰ্মচাৰী ৷ কিয়নো টাটা চুম'খন জ্বলি ভস্মীভূত হোৱাৰ বিপৰীতে ডাম্পাৰখনৰ বিশেষ একো ক্ষতি হোৱা নাই ৷ আৰু এই ঘটনাত ডাম্পাৰ খন পথাৰলৈ নামি পৰে আৰু চালক-হেণ্ডিমেনে পলায়ন কৰে ৷ ইপিনে গোলাঘাটৰ আবকাৰী দলটোক সাজু হৈ থাকিবলৈ কৈ কিয় একো কথা নজনোৱাকৈ গুৱাহাটীৰ দলটো গোলাঘাটৰ পৰা ওলাই গৈছিল সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত ৷

শেহতীয়া তথ্য অনুসৰি, ডাম্পাৰখনৰ চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

Intro:মাজনিশা গোলাঘাটৰ সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতেই দাউ দাউ কৈ জ্বলিল এখন টাটা চুমু। ঘটনাস্থলীত দুজনৰ মৃত্যুৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত এজনৰ মৃত্যু। আৱকাৰী বিভাগৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে গোলাঘাটলৈ অভিযান চলাবলৈ অহা আৱকাৰী চোৰাংচোৱা বিভাগৰ দুৰ্ঘটনাক লৈ ৰহস্যৰ গোন্ধ। যিহেতু গোলাঘাটত অলপতে দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদি সংঘটিত হৈছিল আৰু 39নং ৰাষ্ট্ৰীয় ঘাইপথৰে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায়ী চলি আছিল‌। একাংশয়ে সন্দেহ প্ৰকাশ কৰিছে কোনো দুষ্টচক্ৰয়ে সংঘটিত কৰিছে এই দুৰ্ঘটনা।

Body:এই দুৰ্ঘটনাৰ পিছতেই বিভিন্ন ধৰণৰ সন্দেহ আৰু অভিযোগ উত্থাপিত হৈছে। সুৰাৰ অভিযান আৰু সুৰাৰ সবিশেষ পোহৰলৈ নাহিবলৈ এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ একাংশৰ। সুৰা ব্যৱসায়ী আৰু দুষ্ট চক্ৰয়ে আৱকাৰী বিভাগৰ চোৰাংচোৱাৰ গাড়ীখন দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। গুৱাহাটীৰ পৰা গোলাঘাট লৈ বিশেষ অভিযানৰ বাবে আহিছিল এই আৱকাৰী বিভাগৰ কৰ্মচাৰীয়ে। গোলাঘাট আৱকাৰী বিভাগক লগত লৈ অভিযান চলোৱাৰ কথা আছিল যদিও নিশা গোলাঘাট আৱকাৰী বিভাগৰ অজ্ঞাতে উলাই গৈছিল দলটো, তাৰ পিছতেই সংঘটিত হৈছিল এই কৰুণ দুৰ্ঘটনা। ইয়াকে লৈ এতিয়া ৰহস্যত সোমাই পৰিছে সম্পূৰ্ণ ৰ্ঘটনাটো। উল্লেখ যে, 39নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ ভাৱে বালি আনিবলৈ নিশা সঘনাই চলাচল কৰে ডাম্ফাৰ।

Conclusion:Differed Live
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.