সৰুপথাৰ,23 আগষ্ট: সামাজিক মাধ্যমত শিৱসাগৰ বাসী ৰাইজ আৰু শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈক পাগল আখ্যা দিয়া প্ৰহ্লাদ নাথ নামৰ যুৱকজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ এই সন্দৰ্ভত সোমবাৰে বৰপথাৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অখিল গগৈক অশ্লীল গালি-গালাজ পৰা যুৱক জনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী সকলে ৷
উল্লেখ্য যে, প্ৰহ্লাদ নাথ নামৰ যুৱকজনে দেওবাৰে সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতে যুৱক জনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল শিৱসাগৰবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ৷ ইয়াৰ মাজতে সোমবাৰে বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাও সহ বিষয়ববীয়া সকলে ৷ দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে ৷
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিছিল ৰঙিয়াৰ এগৰাকী যুৱতীৰ লগতে বঙাইগাঁৱৰ এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা ৷ কিন্তু এইবাৰ অখিল গগৈৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা যুৱকজনৰ সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ৷
লগতে পঢ়কঃ তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?