ETV Bharat / state

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই কৃষি বিভাগৰ চৰম দুৰৱস্থা

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই মৃতপ্ৰায় অৱস্থা বোকাখাতৰ Field trail station ৰ । এগৰাকী উপ পৰিচালক, এজন মহকুমা কৃষি বিষয়াসহ মুঠ ৯ গৰাকী কৰ্মচাৰী থকা কাৰ্যলয়টো সম্প্ৰতি জহি-খহি গৈছে ।

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই কৃষিবিভাগৰ চৰম দুৰৱস্থা

author img

By

Published : Jun 29, 2021, 10:59 PM IST

বোকাখাত, ২৯ জুন : ৰাজ্যৰ কৃষিখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন আহিব বুলি সদম্ভে ঘোষণা কৰা কৃষিমন্ত্ৰী অতুল বৰাৰ খোদ গৃহ সমষ্টিতেই এতিয়া কৃষি বিভাগৰ চৰম শোচনীয় অৱস্থা । কৃষি বিভাগৰ সোপাঢিলা নীতিৰ বাবেই বিগত বহু বছৰে শোচনীয় হৈ ৰৈছে কৃষি বিভাগৰ ( Department of Agriculture) এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ তথা চৰকাৰী কাৰ্যালয় । অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনষ্ঠ কৃষিক্ষেত্ৰ অনুসন্ধানমূলক কেন্দ্ৰৰ (Field trail station) উপ পৰিচালকৰ কাৰ্যালয়টো ১৯৮২ চনতে স্থাপন কৰা হৈছিল বোকাখাতৰ পাণবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ প্ৰায় ৪.৭৭ হেক্টৰ মাটিকালিৰ ভূমিত ।

ৰাজ্যৰ কৃষিক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভুমিকা বহন কৰা বোকাখাত বিধানসভা সমষ্টিৰ কৃষক ৰাইজৰ সুবিধাৰ্থে স্থাপন হোৱা কৃষি বিভাগৰ অধীনষ্ঠ এই কেন্দ্ৰটোৰ দ্বাৰা কিন্তু কেতিয়াও সুফল নাপালে বোকাখাতৰ কৃষক ৰাইজে ৷ সমগ্ৰ ৰাজ্যত অতি কম সংখ্যক আছে কৃষি বিভাগৰ এনে কেন্দ্ৰ । কিন্তু কৃষি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবেই এতিয়া এলাগী হৈ ৰৈছে এই গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

ইতিমধ্যে ইয়াৰ মূল কাৰ্যালয়টো জহি-খহি যোৱাৰ লগতে বিভাগীয় লোকৰ যত্নৰ অভাৱত সম্প্ৰতি ভুত-বাংলা সদৃশ হৈ পৰিছে উক্ত কাৰ্যালয়টো ।

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই কৃষি বিভাগৰ চৰম দুৰৱস্থা

ইতিমধ্যে কাৰ্য্যালয়ৰ পৰা হৰলুকি হৈছে বহু লক্ষাধিক টকাৰ যন্ত্ৰপাতি তথা যান বাহনৰ লগতে বহু গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ । জহিখহি গৈছে ইয়াৰ যথেষ্ঠ সংখ্যক চৰকাৰী আবাস গৃহও । ইতিমধ্যে কেন্দ্ৰটোৰ অধীনৰ আধা অংশ চৰকাৰী আবাস গৃহ প্ৰদান কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ লোকক ।

কেন্দ্ৰটোত কৰ্মৰত বহু সংখ্যক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে যদিও এই পৰ্যন্ত নিষ্কৰ্মা হৈ ৰৈছে চৰকাৰী দৰমহাপ্ৰাপ্ত আৰু কেন্দ্ৰটোত কৰ্মৰত সাতজনকৈ চৰকাৰী কৰ্মচাৰী । অতি পৰিতাপৰ বিষয় যে বিগত পাঁচটা বছৰ ৰাজ্যৰ কৃষিমন্ত্ৰী (Agriculture Minister) হোৱাৰ লগতে দ্বিতীয়বাৰৰ বাবে কৃষিমন্ত্ৰীৰ গাদী দখল কৰা স্বয়ং কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই এটা চৰকাৰী গুৰুত্বপূৰ্ণ কেন্দ্ৰ চকুৰ আগতে তিলতিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ পাছতো কেন্দ্ৰটো পুনৰ উদ্ধাৰ অথবা কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিগত পাঁচটা বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে কৃষিমন্ত্ৰী অতুল বৰাই । স্বাভাবিকতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া বোকাখাতৰ সচেতন মহলে ।

লগতে পঢ়ক: ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.