গোলাঘাট, ২৮ মে': গোলাঘাট জিলাত কৰু'ণা মহামাৰীৰ সংসাৰৰ মাজতে বানে নিদ্ৰা কাঢ়িছে বহু কৃষকৰ । যাৰ বাবে কেচাতে কাটিবলগীয়া হৈছে বড়ো ধানৰ অপৈনত খেতি ।
গোলাঘাটৰ মিচিং আধুষিত নিকৰি এলেংমাৰী অঞ্চলৰ এলেংমাৰী বান্ধৰ ওপৰেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বৈ যোৱা বাবেই শ শ বিঘা বড়ো ধানৰ খতিত সোমায় পানী ।
লগতে চপৰা চপৰে খহিছে নৈ পাৰ । কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এই এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবেই নিকৰি, এলেংমাৰী, গুটুং, নৈগাঁও, বৰতল,গৰৈমাৰী আদি কৰি প্ৰায় 50 খন গাঁৱৰ শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তলত যোৱা উপক্ৰম হৈছে । যাৰ ভয়ত প্ৰতিকূল বতৰক নেওচি কৃষকে কেচাতে কাটিছে বড়ো ধান ।