গোলাঘাট,30 ডিচেম্বৰঃ গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী। হিফজুৰ ৰহমান আৰু ফুৰকান আলিক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ। উল্লেখযোগ্য যে, ৩১ হাজাৰ টকাৰ ২০০ টকাৰ জালনোট সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই কুখ্যাত অপৰাধীক।
জানিব পৰা মতে, নগাঁৱৰ ফুৰকান আলি নামৰ লোকজনে হিফজুৰ ৰহমানক ২০০ টকীয়া ৩১ হাজাৰ নকল নোট প্ৰদান কৰিছিল ৷ ইপিনে নগাঁৱৰ হিফজুৰে গোলাঘাটৰ ৰঙাজানৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নকল টকাৰে সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা চলাওতেই ব্যৱসায়ীৰ দৃষ্টিত নকল মুদ্ৰাৰ বুলি সন্দেহ কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে। সম্প্ৰতি আৰক্ষীয়ে হিফজুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই নগাঁৱৰ পৰা ফুৰকান আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে