ETV Bharat / state

গোলাঘাটত হাতী-মানুহৰ সংঘাত; নিহত 1

author img

By

Published : Nov 2, 2021, 5:55 PM IST

ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ খুমটাইৰ ঢেকিয়ালত হাতী-মানুহৰ সংঘাতৰ ফলত নিহত হয় তৰুণ তামুলী নামৰ এজন লোক ৷

elephant terror
গোলাঘাটত হাতী-মানুহৰ সংঘাত

গোলাঘাট, 2 নৱেম্বৰ : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । এই সংঘাতৰ ফলতেই কেতিয়াবা যদি মানুহৰ প্ৰহাৰত বন্যহস্তীয়ে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়, তেন্তে কেতিয়াবা আকৌ হাতীৰ আক্ৰমণত প্ৰাণ যায় মানুহৰ । এইদৰে ৰাজ্যত হাতী-মানুহৰ সংঘাতে ক্ৰমান্বয়ে চৰম পৰ্যায় অতিক্ৰম কৰিছে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গোলাঘাটতো অৰব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ মঙলবাৰে বন্যহস্তীৰ আক্ৰমনত মৃত্যু হয় এজন লোকৰ । জানিব পৰা মতে, বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা ব্যক্তিজনৰ নাম তৰুণ তামুলী । পথাৰত গৰু লৰাবলৈ যাওঁতেই বন্যহস্তীৰ জাকটোয়ে গছকি প্ৰাণ লয় বৃদ্ধজনৰ ।

গোলাঘাটত হাতী-মানুহৰ সংঘাত

লগতে পঢ়ক : উৎসৱৰ বতৰটি অনন্য কৰি তোলক কমলাৰ ক্ষীৰেৰে

খুমটাইৰ ঢেকিয়ালত সংঘটিত এই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

উল্লেখ্য যে, সোমবাৰে পুৱতি নিশা প্ৰায় সত্তৰটা বন্যহস্তীৰ এটা বৃহৎ জাক হঠাতে উপস্থিত হয় গোলাঘাটৰ পশ্চিম দিশত । হাতীৰ জাকটোৱে চিনাতলী, শাঁওতলী, খুমটাই, বুটলীখোৱা, গৰিয়াজান আদি অঞ্চলত সৃষ্টি কৰে উপদ্ৰৱৰ । মঙলবাৰে এই হাতীৰ জাকটোৱে ত্ৰাসৰ সৃষ্টি কৰে ঢেকীয়াল, বেতিয়নীৰ কেইবাটাও অঞ্চলত ৷

লগতে পঢ়ক : স্বামীৰ বিজয়ৰ পিছত কি ক’লে মঞ্চুৰিয়া বি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.