গোলাঘাট,30 জানুৱাৰীঃ গোলাঘাটৰ খুমটাইৰ ৰাজপথত জ্বলিল হীৰেণ গোঁহাইৰ পুত্তলিকা ৷ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে বৃহস্পতিবাৰে দাহ কৰে বুদ্ধিজীৱী গৰাকীৰ পুত্তলিকা ৷ খুমটাই চাহ বাগিচাৰ দুর্গা মন্দিৰৰ সমীপত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পুত্তলিকা দাহ কৰে ৷ চীনৰ দালালি এৰি ড৹ হীৰেণ গোঁহাই এইবাৰ বিছিন্নতাবাদী মুছলমানৰ পক্ষত থিয় দিয়াৰ অভিযোগ তোলে সংগঠনটোৰ সদস্যসকলে ৷
অসমক ভাৰতৰ পৰা বিছিন্ন কৰা সন্দৰ্ভত ছার্জিল ইমামৰ মন্তব্যক বুদ্ধিজীৱী গৰাকীয়ে সমর্থন কৰা কাৰ্যক গৰিহণা জনাইছে প্ৰতিবাদকাৰীসকলে ৷ হীৰেণ গোঁহাইয়ে দিল্লীৰ চাহিনবাগত কা বিৰোধী আন্দোলনত ভাৰতক খণ্ডিত কৰা সম্পৰ্কত মন্তব্য প্ৰদান কৰা ছার্জিল ইমামক নিৰ্দোষী সজাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷
লগতে চাওকঃআমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি