গোলাঘাট, 6 জুলাই : গোলাঘাটৰ প্ৰায় দুই শতাধিক যুৱক সংগঠিত হৈ স্বাৱলম্বনৰ পথ মুকলি কৰিছে । সুৰুযমুখী নামৰ এটা সংস্থা গঠন কৰি সংস্থাপনৰ পথ বাছি লৈছে গোলাঘাটৰ কেইজনমান উদ্য়মী যুৱকে। গোলাঘাটৰ মাজখুমটাইৰ লোকেন তামুলী নামৰ যুৱকজনে আৰম্ভ এই প্ৰয়াস ৷ ক'ৰণা ভাইৰাছৰ বাবে সংঘটিত হোৱা বিমুখমুখী যাত্ৰাৰ পিছতেই সুৰুজমুখী নামৰ এই সংস্থাই কিছু সকাহ প্ৰদান কৰিছে নিবনুৱা যুৱক যুৱতীক। এই সংস্থাৰ কামৰো অন্ত নাই আৰু শিক্ষিত নিবনুৱাই কাম বিচাৰি আবেদন জনাইছে লোকেন তামুলীৰ ওচৰত। বৰ্তমান প্ৰায় দুই শতাধিক যুৱকে যোগদান কৰিছে সুৰুজমুখী ৷
যুৱককেইজনে বৰ্তমান গোলাঘাট,খুমটাই,নাওজান,চুঙাজন,কমাৰবন্ধা আদি বিভিন্ন অঞ্চলত কাম কৰি আছে। এই শিক্ষিত যুৱকসকলৰ সকলোৰে আছে মটৰচাইকেল। আপুনি ফোন এটা কৰাৰ লগে লগেই আপোনাৰ ঘৰৰ পদূলিত উপস্থিত হ'ব যুৱকৰ দলটো । এখন ঘৰ নিৰ্মাণৰ সকলো কামৰ উপৰিও বিয়া, সকাম,বাৰ্থডে পাৰ্টি,পুষ্পসজ্জা,কাৰিকৰী দিশৰ বিভিন্ন কাম,ক'ফি মেচিন যোগান,ষ্টীল,ফটোগ্ৰাফী,ভিডিঅ' ৰেকৰ্ডিং সকলো ধৰণৰ কাম কৰে যুৱকৰ দলটোৱে । শীঘ্ৰে এপটো উপলব্ধ হ'ব সুৰুজমুখীৰ সেৱা ৷
লগতে পঢ়ক: গালৱান উপত্যকাৰ পৰা আতৰি গ'ল চীনা সৈন্য