ETV Bharat / state

খুমটাইত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা - গোলাঘাট জিলাৰ খুমটাই

খুমটাইত চাহ গছ উঠাই ৰোপণ বাঁহৰ পুলি ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক হেক্টৰ মাটিত থকা চাহ গছ উঠাই ৰোপণ কৰে বাঁহ পুলি । অসমত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ বিধায়ক গৰাকীৰ ।

খুমটাই
খুমটাইত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা
author img

By

Published : Aug 14, 2020, 1:26 PM IST

গোলাঘাট, 14 আগষ্টঃ গোলাঘাট জিলাৰ খুমটাইত চাহ গছ উঠাই ৰোপণ কৰা হৈছে বাঁহৰ পুলি । শুকুৰবাৰে স্বয়ং খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক হেক্টৰ মাটিত থকা চাহ গছ উঠাই ৰোপণ কৰে বাঁহ পুলি । কাৰণ মানদণ্ড নিৰূপণ নকৰাকৈ যধে মধে কেঁচা চাহপাত উৎপাদন কৰাৰ বাবে অসমত এতিয়া চাহৰ মূল্য বহু নিম্নগামী হৈছে । কিন্তু নুমলীগড় তেল শোধনাগাৰে নিৰ্মাণ আৰম্ভ কৰিছে বায়'ৰিফাইনেৰী ।

খুমটাইত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা

এই বায়'ৰিফাইনেৰীত প্ৰতি বছৰে প্ৰয়োজন হ'ব 5 লাখ মেট্ৰিক টন বাঁহ । অহা দুটা বছৰত সম্পূৰ্ণ হ'ব বায়'ৰিফাইনেৰীৰ নিৰ্মাণ । সেইয়ে অসমত যাতে বাঁহ খেতিৰ প্ৰতি কৃষক সকল আকৃষ্ট হয় তাৰ প্ৰতি লক্ষ্য ৰাখি NRL Bio Refainary উদ্যোগত ৰেইন ফৰেষ্ট ৰিচাৰ্ছ চেণ্টাৰৰ সহযোগত অসমৰ 17 খন জিলাত পৰীক্ষা মূলকভাৱে আৰম্ভ কৰিছে চাৰিটা জাতৰ বাঁহ খেতি । সেইয়ে গোলাঘাটৰ কৃষক সকল যাতে আগবাঢ়ি আহে তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক মৃণাল শইকীয়াই প্ৰথমে এক হেক্টৰ মাটিত থকা চাহ গছ উঠাই ৰোপণ কৰিছে বাঁহ গছ । 2023 চনৰ পৰা বাঁহে সলনি কৰিব অসমৰ অৰ্থনীতি ।

খুমটাই
খুমটাইত বাঁহ খেতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা

অকল অৰ্থনীতিয়েই নহয় বাঁহে বছৰটোৰ 365 দিনেই বিশুদ্ধ অক্সিজেন এৰি থকাৰ বাবে এক সুস্থ পৰিৱেশ পোৱা যায় । আনহাতে, বৰ্তমান নুমলীগড় বায়'ৰিফাইনেৰীৰ তৰফৰ পৰা বিনামূলীয়াকৈ যোগান ধৰিছে বাঁহৰ পুলি । গতিকে সকলোৱে বাঁহ ৰোপণ কৰক আৰু এক সৱল অৰ্থনীতিৰ সূচনা কৰিবলৈ আহ্বান বিধায়ক মৃণাল শইকীয়াৰ ৷

আৰু পঢ়কঃ চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.