বোকাখাত, 21 ডিচেম্বৰ: ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছৰে পৰা ৰাজ্যত তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission)৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী ৷ প্ৰায় প্ৰতিটো দিনতেই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰি আহিছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ কোনো কোনো অঞ্চলত আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰি গুলীবিদ্ধ হ’বলগীয়াও হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ ইয়াৰ পিছতো ৰাজ্যত অব্যাহত আছে নিষিদ্ধ দ্ৰব্যৰ বেহা ৷
মঙ্গলবাৰে বোকাখাত আৰক্ষীয়ে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে হাতেলুটে আটক কৰিলে ছজন যুৱকক(Drug peddler arrested in Bokakhat) ৷ আটকাধীন যুৱককেইজন হ’ল কাজিৰঙাৰ হালধিবাৰীৰ নুৰ ইছলাম, ফাৰুক ৰহমান, ৰাজীৱ চৌধুৰী, বিতোপন হাজৰিকা, নিতু গগৈ আৰু বাবুল ভড়ালী । এখন দোকানত ড্ৰাগছ সেৱনৰ লগতে বিক্ৰী কৰি থকাৰ অৱস্থাতে আটকাধীন যুৱকেইজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: Encounter in Kokrajhar : আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী