খুমটাই, 11 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰাজ্যত ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ ইতিমধ্যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বন্ধ হৈ আছে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান ৷ ৰাজ্যৰ প্ৰায় সমূহ শিক্ষানুষ্ঠানতে বৰ্তমান অনলাইন পাঠদান আৰম্ভ কৰিছে যদিও সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীক এই পাঠদানে ঢুকি পোৱা নাই ৷ আনকি, বহুতো দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত সা-সুবিধাৰ অভাৱত এই শিক্ষাৰ পৰা বঞ্চিত হৈ অহা পৰিলক্ষিত হৈছে ৷
স্মাৰ্টফোনৰ অভাৱত অনলাইন শিক্ষাৰ পৰা বঞ্চিত হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মঙলবাৰে স্মাৰ্টফোন যোগান ধৰিলে খুমটাইৰ এজন যুৱকে ৷ খুমটাইৰ চিনাতলি হাইস্কুলৰ প্ৰাংগণত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্র জ্যোতিস্মান শইকীয়াই অঞ্চলটোৰ কেইগৰাকীমান দৰিদ্ৰ মেধাৱী ছাত্র-ছাত্ৰীক প্ৰদান কৰিলে স্মাৰ্টফোন ।
উল্লেখ্য যে, খুমটাইৰ চিনাতলী গাঁৱৰ দিলীপ শইকীয়া আৰু ৰেখালী হাজৰিকাৰ কনিষ্ঠ পুত্ৰ জ্যোতিস্মান শইকীয়াই উচ্চ শিক্ষা লাভ কৰি বাংগালোৰত কৰ্মৰত হৈ আছিল ৷ ক'ভিড-19 ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ঘৰলৈ আহি অঞ্চলটোৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্মাৰ্টফোন ৷ চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6 গৰাকী অতি দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে স্মাৰ্টফোন আৰু একোখন জিঅ’ চিম ৷ আনকি, তেওঁ কৰ্মৰত কোম্পানীটোৰ সহকৰ্মী সকলেও জ্যোতিস্মানৰ পদক্ষেপক সহাৰি জনাই সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷ 3 টা স্মাৰ্টফোন নিজাববীয়াকৈ আৰু 3 গৰাকী বন্ধু-বান্ধৱীৰ সহযোগত মুঠ 6 টা স্মাৰ্টফোন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আগবঢ়ালে জ্যোতিস্মানে । যাৰবাবে জ্যোতিস্মান আৰু তেওঁৰ বন্ধু বৰ্গৰ এই পদক্ষেপক শলাগ লৈছে অঞ্চলবাসী ৰাইজে ৷
লগতে পঢ়ক : গোৱাত সুৰংগৰ দেৱাল খহি ব্যাহত ৰে’লসেৱা