ETV Bharat / state

Dergaon Suicide Case: অজয় দত্তৰ আত্মহত্যাৰ ঘটনা, দেৰগাঁৱৰ দ'লমুখত শোকাকুল পৰিৱেশ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 3:40 PM IST

শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অজয় দত্তৰ বাসগৃহত ৷ দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈও আহ্বান জনোৱাৰ লগতে স্থায়ীভাৱে সংস্থাপন দিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

Dergaon Suicide Case
আত্মহত্যাৰ ঘটনা
দেৰগাঁৱৰ দ'লমুখত শোকাকুল পৰিৱেশ

যোৰহাট, 26 অক্টোবৰ : দেৰগাঁৱৰ দ'লমুখৰ অজয় দত্ত নামৰ যুৱকজনৰ আত্মহত্যাৰ ঘটনাই জোঁকাৰিছে সমগ্ৰ ৰাজ্যৰ লগতে আৰক্ষী বিভাগত ৷ বৰ্তমানেও শোকাকূল পৰিৱেশে বিৰাজ কৰিছে অজয় দত্তৰ বাসগৃহত ৷ পুত্ৰ শোকত ভাগি পৰিছে অজয় দত্তৰ মাতৃ ৷

অজয় দত্ত আছিল বিশেষ প্ৰতিভা সম্পন্ন এজন যুৱক ৷ কিছুদিন পূৰ্বে নৃসিংহ মূৰাৰী নামৰ ভাওনাত অভিনয়ো কৰিছিল অজয়ে ৷ লগতে স্থানীয় সকলোৰে সৈতে আছিল অজয়ৰ সু-সম্পৰ্ক ৷ এনে এজন অমায়িক আৰু প্ৰতিভাসম্পন্ন যুৱক আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ অকালতে মৃত্যুবৰণ কৰাৰ বাবে সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অতি দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈও আহ্বান জনোৱাৰ লগতে স্থায়ীভাৱে সংস্থাপন দিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, পূজা চাবলৈ বুলি সমনীয়াৰ সৈতে দেৰগাঁৱৰ মেলালৈ আহোঁতে বিয়লি প্ৰায় 4 বজাত পথৰ মাজতে এক কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ গাত কোনো গুৰুতৰ অপৰাধ নাছিল আৰু কাজিয়াত জড়িতও নাছিল ৷ তৎস্বতেও আৰক্ষীয়ে আক্ৰোশমূলক মনোভাৱ আৰু খাকী পোছাকৰ শক্তি দেখুবাই যুৱকজনক কৰায়ত্ব কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰে আৰু ইয়াতে ক্ষান্ত নাথাকি গাড়ীত উঠাই লৈ যায় ৷

যুৱকজনক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় 2 ঘন্টাৰ পাছত ঘৰৰ কোনো লোকক অৱগত নকৰাকৈ এৰি দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীয়ে বিনাকাৰণত কৰা দুঃব্যৱহাৰ আৰু ৰাজহুৱাভাৱে অত্যাচাৰ কৰাৰ সকলো কথা বিৱৰি যুৱকজনে ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰাৰ লগতে চৰম পন্থা গ্ৰহণ কৰে ৷ এই ঘটনাই ইতিমধ্যে দেৰগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : Dergaon Suicide Case: যুৱকৰ আত্মহত্যাৰ ঘটনা, ডি জি পিৰ নিৰ্দেশৰ পিছতেই গোলাঘাট আৰক্ষীৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.