ETV Bharat / state

Development of Dergaon constituency: বিধায়কৰ বাবেই পিছ পৰি ৰৈছে দেৰগাঁও সমষ্টিৰ উন্নয়ন

বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী অদক্ষতাৰ বাবেই উন্নয়নৰ পৰা বঞ্চিত হৈ আছে দেৰগাঁও সমষ্টিৰ লোক ৷ স্থানীয় ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰদান কৰিছে হুংকাৰ ৷

author img

By

Published : Jun 21, 2023, 7:05 PM IST

development of dergaon constituency
দেৰগাঁও সমষ্টিৰ উন্নয়ন
ক্ষোভিত জনতা

যোৰহাট, 21 জুন : কৈ থাকিলে ওৰকে নপৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী কথা । কাৰণ এই গৰাকী বিধায়কৰ বাবে দেৰগাঁৱ সমষ্টি উন্নয়ন পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ৷ বিধায়কগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ কথা চিন্তা নকৰাৰ বাবে সমষ্টিটোৰ বিভিন্ন বাট-পথ নিৰ্মাণ নহ’ল আজিলৈকে ৷ পথৰ দুৰৱস্থাই সাধাৰণ জনতাক জ্বলা কলা খুৱাইছে ।

বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ অকৰ্মণ্যতাৰ এক জলন্ত উদাহৰণ হ'ল দেৰগাঁও গাঁও পঞ্চায়ৰ অন্তৰ্গত ফেটা গাঁৱৰ শ শ লোকৰ যাতায়তৰ মূল পথটোৰ দুৰৱস্থা । প্ৰায় ৭ কিলোমিটাৰ দৈঘ্যৰ এই পথটো এতিয়া শিক্ষাৰ্থী আৰু ৰোগীয়া ব্যক্তিসকলৰ বাবে মৰণফান্দ হৈ দেখা দিছে । বাৰিষা কালত উক্ত পথটোৰ ওপৰত সৃষ্টি হোৱা একাঠু পানীৰ বাবেই সৃষ্টি হয় দ গাঁতৰ ৷ প্ৰতিদিনেই উক্ত পথটোৱে দি বিদ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া শিক্ষাৰ্থী বাৰিষা কালত ইউনিফৰ্মতত বোকা লগাৰ বাবে ঘৰলৈ ঘূৰি যোৱাৰো উদাহৰণ আছে ৷

আনহাতে ৰোগীয়া ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ পথতো দেখা দিছে ভীষণ সমস্যাই ৷ বাৰিষা কালত ঠেলা আৰু সাঙিয়ে হৈছে এইসকল লোকৰ ভৰষা । স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক গাঁওবাসীয়ে বহুবাৰ আৱেদন নিবেদন কৰিছে যদিও এইক্ষেত্ৰত আজিকোপতি কোনো ধৰণ গুৰুত্ব প্ৰদান নকৰিলে তেওঁ ৷

গাঁওবাসীয়ে অভিযোগ কৰি কয় যে ভোট ভিক্ষা কৰা সময়তহে ভৱেন্দ্ৰ নাথ ভৰালীৰ ছাঁ টো দেখিবলৈ পোৱা যায় । গাঁওবাসীৰ স্পষ্ট মত যে আগন্তুক সময়ত যদি উক্ত বিধস্ত প্ৰায় পথটো নিৰ্মাণ কৰি নিদিয়ে তেতিয়া হ’লে গাঁওবাসীয়ে ভোট বৰ্জন দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব । তাপৰ্যপূৰ্ণ যে বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ অদক্ষতাৰ বাবেই আজিৰ তাৰিখত ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টিটোৱে হ'ল দেৰগাঁও সমষ্টি ৷

লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত বিধায়সকলৰ ক্ষতি নহয়; ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.