দেৰগাঁও, 19 এপ্ৰিল : গণকপুখুৰী যোগনীয়া গাঁৱত এঘৰৰ পৰা চোৰে লুটিলে ম'বাইল ফোন ৷ বৃহস্পতিবাৰে যোগনীয়া গাঁৱৰ এঘৰত প্ৰৱেশ কৰি বিজেপি চৰকাৰৰ দিনৰ চৰকাৰী আঁচনিৰ অধীনত বিনামূল্যে নতুন গেছ চিলিণ্ডাৰ সংযোগ দিয়াৰ বাবে এগৰাকী অচিনাকী লোক আহে ।
ঘৰৰ গৃহস্থক বৰ্তমান চৰকাৰৰ বিনামূলীয়া গেছ পাবলৈ হ’লে ভোটাৰ কাৰ্ডৰ জেৰক্স কপি লাগে বুলি কোৱাত ঘৰত থকা ল’ৰা জনে জেৰক্স কৰিবলৈ ওলাই যায় । লগে লগে ভিতৰত থকা এনড্ৰয়ড ম’বাইল ফোনটো লৈ উধাও হয় গেছ দিবলৈ অহা লোক জন । ইতিমধ্যে মোবাইল বিছাৰি দেৰগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্ত ভোগী পৰিয়ালটো ।