গোলাঘাট, 26 মে': গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে আজি ধনশিৰি মহকুমাৰ অন্তৰ্গত ক'ভিড কেয়াৰ চেন্টাৰসমূহ পৰিদৰ্শন কৰে । উপায়ুক্ত সিঙে পোনপ্ৰথমে বৰপথাৰস্থিত ভগৱান চাহ বাগিছাতস্থিত ক'ভিড কেয়াৰ চেন্টাৰটো পৰিদৰ্শন কৰে আৰু ৰোগী সকলৰ থকা-খোৱাৰ বিভিন্ন দিশ চোৱা চিতা কৰে । ইয়াৰ পাচত উপায়ুক্ত গৰাকীয়ে উৰিয়ামঘাটৰ আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেন্টাৰ আৰু সৰুপথাৰ সামূহিক চিকিৎসালয়ত থকা ক'ভিড চেন্টাৰত থকা ৰোগী সকলৰ স্বাস্থ্যৰ খবৰ লয় ৷
ক'ভিড-১৯ মহামাৰীৰ সন্দৰ্ভত আজি উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ত মহকুমা প্ৰশাসনৰ লগত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । সভাত ধনশিৰি মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, ধনশিৰি মহকুমা আৰক্ষী বিষয়া অমিত হোজাই, মহকুমা স্বাস্থ্য বিষয়া ডা: পি কে গঞ্জু ৰ উপৰিও মহকুমাটোৰ দণ্ডাধীশ, বিভিন্ন বিভাগৰ উচ্চ পদস্থকাৰী বিষয়া সকল উপস্থিত আছিল । উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ক'ভিড কেয়াৰ চেন্টাৰ কেইটা পৰিদৰ্শন কালত ক'ভিড আক্ৰান্ত হৈ বৰ্তমান সুস্থ হোৱা ৰোগীৰ লগত আলাপ কৰাৰ উপৰি আক্ৰান্ত হৈ থকা ৰোগী সকলৰো বিভিন্ন দিশ চোৱা চিতা কৰে ।
লগতে পঢ়ক: মাকুম বেতনি গাঁৱত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক