খুমটাই,20আগষ্টঃ বিশিষ্ট সমাজকৰ্মী আৰু কংগ্ৰেছ নেতা বংশী গগৈ আৰু নাই। জীৱনৰ দীৰ্ঘ সময় সামাজিক কৰ্মৰে ব্যস্ত হৈ থকা খুমটাই সমষ্টিৰ অন্তৰ্গত বাতিপৰিয়াৰ বংশী গগৈ খুমটাইবাসীৰ বাবে খুবেই পৰিচিত আছিল। ৰাজনৈতিকভাবে এইগৰাকী ব্যক্তি একাত্ম হৈ পৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি ঘনিষ্ট আছিল বংশী গগৈ। নিজা গাঁওখনৰো বহু সামাজিক কামত নেতৃত্ব লৈছিল বংশী গগৈয়ে। বৰ্ষীয়ান নেতাগৰাকী খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈৰো পিতৃ স্বৰূপ আছিল। নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি উচুপি উঠিল প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ।
লগতে পঢ়কঃযোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ