গোলাঘাট,28 মে’: গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত মূৰফুলনীৰ চতিয়না পথাৰৰ বগীজান গড়কাপ্তানি পথৰ কাষত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ এখন মটৰচাইকেলত হাত-ভৰি বান্ধি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে কৰ্তবৰত চতিয়না পথাৰ গাঁওৰক্ষী বাহিনীয়ে ৷ মৃতদেহটো মুৰফুলনী চাহ বাগিচাৰ গৌতম বৰাইক বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, কৰ্তব্যৰত চতিয়না পথাৰ গাঁওৰক্ষী বাহিনীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়া হয় আৰক্ষীক ৷ বগীজান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ চতিয়না পথাৰ গাঁওৰক্ষী বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত পথৰ কাষত এখন মটৰচাইকেলত হাত ভৰি বান্ধি থোৱা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে । মৃত যুৱকজন মূৰফুলনী চাহ বাগিচাৰ গৌতম বৰাইক বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ।
আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰঙী শাখা সমিতি আৰু মূৰফুলনী উপ শাখাই উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে 24 ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে । অন্যথা অনাগত সময়ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠটোৱে । ইফালে, অঞ্চলটোত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত আৰক্ষীক বিশেষ নজৰ দিবলৈ আহ্বান জনাইছে অঞ্চলবাসী ৰাইজে ৷
লগতে পঢ়ক: বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত